বকোৰ সোণালীপাৰাত গজৰাজৰ আৰ্তনাদ। আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ চিঞৰত আতংকিত নিকটবৰ্তী লোক । ৰাজাপাৰা কুকুৰমাৰাৰ বনাঞ্চলত বনৰীয়া হাতী এটাৰ আৰ্তনাদ। পেট আৰু ভৰিত আঘাতৰ চিন স্পষ্ট বনৰীয়া হাতীটোৰ। দির্ঘদিনে এনে অৱস্থাত মৃত্যুৰে যুঁজিআছে হাতীটো। একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আঘাতপ্ৰাপ্ত হাতীটোক।অসুস্থ হাতীটোক খাদ্য প্ৰদানৰ চেষ্টা একাংশ স্থানীয় লোকৰ। ঘটনা সন্দৰ্ভত বন বিষয়াক ইতিমধ্যে অৱগত।বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ হাতীৰ আৰ্তনাদ শুনি উক্ত স্থানত অঞ্চলটোৰ ৰাইজ।অসুস্থ বনৰীয়া হাতীটোক চিকিৎসা প্ৰদানৰ দাবী স্থানীয় লোকৰ।
