বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ

239

বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কামৰূপ জিলা বাঙালি পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷

উল্লেখ্য যে, শালমাৰা পাৰঘাটেদি দৈনিক কমেও সহস্ৰাধিক যাত্ৰীয়ে ইঞ্জিনচালিত নৌকাৰে অতিতৰে পৰা পকেটৰ ধন খৰচ কৰি পাৰাপাৰ হব লগীয়া হৈছে ৷ ফলত স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰো বিশেষ সমস্যাৰ সন্মুখীণ হৈছে ৷

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ নো ব্ৰিজ নো ৰেষ্ট, দলং আমাক লাগিবই, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড আদি ধ্বনিৰে বৃহৎ ৰেলি উলিয়াই ছমৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায় ৷