বকোত গীতানগৰ আৰক্ষীৰ অভিযান, উৎখাত জালনোট বনোৱা কাৰখানা

87

গুৱাহাটীঃ বকোৰ ২নং বৰুৱা পাৰা চাকলা গাঁৱত বুধবাৰে নিশা গীতানগৰ আৰক্ষীয়ে অভিযান চলাই জালনোট বনোৱা এটা কাৰখানা উৎখাত কৰাৰ লগতে বহু পৰিমাণৰ জালনোট বনোৱা কাৰ্য্যত ব্যৱহৃত সা-সঁজুলি জব্দ কৰিবলৈ সক্ষম হয়। গীতানগৰ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ বৰুৱাৰ নেতৃত্বত ৫ জনীয়া আৰক্ষীৰ এটা দলে বকোত জালনোট ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল।

এই অভিযানকালত ২নং বৰুৱা পাৰা চাকলা গাঁৱৰ এটা জালনোট বনোৱা কাৰখানা উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জালনোট ব্যৱসায়ৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলাসহ দুজন লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। আৰক্ষীয়ে কাৰখানাটোৰ পৰা এক লক্ষাধিক টকা মূল্যৰ সন্দেহজনক জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।