বকোত আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত, ১৭ যাত্ৰী আহত

150

বকোৰ ৰাজাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত।

বাছখনে প্ৰথমে খুন্দা মাৰে বাইক আৰোহীক।

পিছত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা।

কামৰূপ জিলাৰ বকো ৰাজাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।

গুৱাহাটী-ধুবুৰী ফকিৰগঞ্জ অভিমুখী আছিল মা আমিনা নামৰ AS-01 LC-9041 নম্বৰৰ আল্ট্ৰা বাছখন।

দুৰ্ঘটনাত আহত হয় প্ৰায় ১৭ জনকৈ যাত্ৰী।

বহু সময়লৈকে বাছৰ ভিতৰত আবদ্ধ হৈ আছিল চালকজন।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আল্ট্ৰা বাছ চালকজন।

স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ।

তিনিজনক বৰ্তমান GMCHলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।