বকলীয়াঘাটত প্রাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ বৰবৰাক সশ্ৰদ্ধ স্মৰণ

71

যোৱা ৯ ফেব্ৰুৱাৰীত মৃত্যু হোৱা বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, সংগঠক নৰেন্দ্ৰ নাথ বৰবৰাৰ স্মৃতিত আজি বকলীয়াঘাটত এক বিশেষ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। আজি দিনৰ প্ৰায় এঘাৰ বজাত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত অধ্যক্ষগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন তথা পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে, বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অতুল চন্দ্ৰ শৰ্মাই।

অনুষ্ঠানৰ শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ৰাইজৰ দান-বৰঙণিৰে বিদ্যালয় পৰিচালনা কৰাৰ সময়ৰে পৰা নৰেন্দ্ৰ বৰাৰ সান্নিধ্যত লাভ কৰা বিভিন্ন অভিজ্ঞতা সম্পৰ্কে স্মৃতি ৰোমন্থন কৰে। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূৱন চন্দ্ৰ দত্ত তথা বিদ্যালয়খনৰ কেইবাগৰাকী প্ৰাক্তন শিক্ষক, ছাত্ৰ, বৰ্তমানৰ শিক্ষক তথা বকলীয়াঘাটৰ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰয়াত শিক্ষকগৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, শিক্ষাদানকে জীৱনৰ ব্ৰত হিচাপে লোৱা প্ৰয়াত বৰবৰাই এগৰাকী দক্ষ প্ৰশাসক, অভিভাৱক, সমাজ সংগঠক হিচাপে গ্ৰহণ কৰা দূৰদৰ্শী ভূমিকাৰ বাবেই বকলীয়াঘাটৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত হোৱা বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জিলাখনৰ ভিতৰতে এখন আগশাৰীৰ বিদ্যালয় হিচাপে জিলিকি উঠিবলৈ সক্ষম হৈছিল।

আজীৱন সততা আৰু নৈতিকতাৰ লগতে সময়ানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠাৰে আপোচবিহীনভাৱে কাম কৰি সমাজলৈ আগবঢ়াই যোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত সভাখনত কেইবাগৰাকী বক্তাই নিজৰ অনুভৱ ব্যক্ত কৰে। কৰ্মজীৱনৰ বিভিন্ন সময়ত প্ৰতিগৰাকী সহকৰ্মীকে এগৰাকী প্ৰকৃত অভিভাৱকৰ দৰে নিৰাপত্তা তথা সঠিক দিকদৰ্শন প্ৰদান কৰাৰ স্মৃতি সোঁৱৰণ কৰি কেইবাগৰাকী বক্তা অৱেগিক হৈ পৰা পৰিলক্ষিত হয়। বকলীয়াঘাট অঞ্চলৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ সহকাৰী শিক্ষক প্ৰণৱ কুমাৰ গোস্বামীয়ে।