ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। HSLC পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা। ৫০% নম্বৰ হ’ব OBJECTIVE টাইপৰ। OMR শ্বীটত শিক্ষাৰ্থীয়ে দিব লাগিব উত্তৰ। বাকী ৫০% উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব। ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।
