ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ফুলগুৰিৰ প্ৰতিভাসম্পন্ন যুৱ লেখিকা বিশেষভাৱে সক্ষম শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ বাসগৃহত কালি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ লেখিকাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
উল্লেখ্য যে অভয় বৰুৱা আৰু ৰেণু হাজৰিকা বৰুৱাৰ জীয়ৰী বৰুৱাই প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই স্পাইনেল মাস্কুলাৰ এ’ট্ৰফি (S M A) নামৰ এবিধ জটিল ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱৰা হোৱা বৰ্তমান এই চিকিৎসা কৰোৱালে যদিও আজিও সুস্থ হৈ নুঠিল। হুইল চেয়াৰ আৰু বিচনাখনেই সংগী হৈ পৰাৰ পিচতো দৃঢ়মনা ৩৫ বছৰীয়া শৰ্মিষ্ঠাই মানসিকভাৱে প্ৰবল শক্তিশালী হৈ ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
ইয়াৰ লগতে অধ্যয়নৰ সমান্তৰালকৈ সৃষ্টি কৰি গ’ল ইখনৰ পিচত সিখন উচ্চমানৰ গ্ৰন্থ। কিন্তু এই ভয়ানক ৰোগবিধত আক্ৰান্ত হৈ থকাৰ বাবে বহু সময়ত নিজৰ ভবিষ্যৎ জীৱনক লৈ শৰ্মিষ্ঠা চিন্তিতও হৈ পৰিছে। উল্লেখ্য যে স্পাইনেল মাস্কুলাৰ এ’ট্ৰফি (SMA) নামৰ এই স্নায়ুৱিক ৰোগবিধৰ কোনো ঔষধ নাছিল যদিও শেহতীয়াকৈ ভাৰতত এই ৰোগৰ ঔষধ উপলদ্ধ হৈছে। কিন্তু এই ঔষধৰ মূল্য অত্যাধিক। বছৰত প্ৰায় ৭২ লাখ টকাৰ প্ৰয়োজন। চিকিৎসকৰ মতে সুস্থ হ’বৰ বাবে শৰ্মিষ্ঠাই পাঁচ বছৰীয়া চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বাবে খৰচ হ’ব প্ৰায় তিনি কোটি ষাঠি লাখ টকা।
শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয় বহুল চিকিৎসাৰ বাবে থমকি ৰখিব লগা হৈছে। ফলত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছিল। তেওঁৰ এই আহ্বানৰ পিচতে কালি শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে শৰ্মিষ্ঠাৰ ৰোগ তথা স্বাস্থ্যৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি তেওঁৰ চিকিৎসাৰ ব্যৱস্থাৰ আশ্বাস দিয়ে।
ইপিনে ৰোগাক্ৰান্ত শৰ্মিষ্ঠা বৰুৱাৰ দৈনিক প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা, খাদ্য ব্যৱস্থা আদিৰ বুজ লৈ এই বিষয়সমূহতো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, চৰকাৰী সাহাৰ্য অবিহনে শৰ্মিষ্ঠাৰ ব্যয়বহুল চিকিৎসা সম্ভৱ নহ’ব। সেয়ে ৰাজ্য চৰকাৰে প্ৰতিভাৱান যুৱ সাহিত্যিক গৰাকীক চিকিৎসা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি সুস্থ কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে।
১৯৮৭ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা শৰ্মিষ্ঠা বৰুৱাই সাহিত্য জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৬ চনত ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা, ২০১৭ চনত গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭ চনত দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০২০ অক্লান্ত উত্তৰ পুৰুষ বঁটাৰ লগতে কেইবাটাও জলপানি লাভ কৰিছে।