ফিল’বাৰীত শিক্ষয়িত্ৰীক আঁঠু ল’বলৈ বাধ্য কৰোৱা ছাত্ৰ নেতাক বহিস্কাৰ ছাত্ৰ সন্থাৰ

85

ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত মাচুল বৃদ্ধিৰ বিৰুদ্ধে শিক্ষাৰ্থী আৰু সংগঠনৰ প্ৰতিবাদৰ সময়ত এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীৰ সন্মুখত আঁঠু লবলগীয়া হোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বুধবাৰে একাংশ শিষ্টাচাৰহীন ছাত্ৰ-ছাত্ৰীয়ে আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাক।

উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বুধবাৰে নামভৰ্তিৰ নামত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে, বৰ্ধিত মাছুল দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিয়াৰ অজুহাতত প্ৰতিবাদত ভাগ লৈছিল আছুৰ লগতে বহুকেইটা ছাত্ৰ-সংগঠনৰ নেতৃত্বই। আৰু শিক্ষয়িত্ৰীগৰাকীৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈ আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল।

ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে এগৰাকী শিক্ষয়িত্ৰীক এনেদৰে অপমান কৰা কাৰ্যত এতিয়া দুখ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে সংগঠনটোৱে তিনিচুকীয়া জিলাৰ ছাত্র সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্র সন্থাৰ পৰা বহিষ্কাৰ কৰা হৈছে।