দেওবাৰে প্ৰায় ২০০০ হাজাৰ কিলোগ্ৰাম মাছ বিক্ৰী
পুৱা ৫ বজাৰ মাছ বিচাৰি ভিৰ কৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ বহু লোক
আৰক্ষী- প্ৰশাসনৰ নির্দেশো মানি চলিবলৈ অপাৰগ বহু সংখ্যক লোকৰ
সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰতো নাই ক্রেতাৰ গুৰুত্ব
আজি পৰ্যন্ত ছেনীটাইজ কৰা নাই ৰূপনগৰ মুক্তি যুঁজাৰু পথ
কৰ’নাৰ আতংকত ভূগিছে বৃহত্তৰ অঞ্চলটোৰ স্থানীয় বাসিন্দা সকলে
ষ্টাফৰিপোৰ্টাৰ, ১২ এপ্ৰিল :: কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি ৰাজ্যখনত বলৱত হৈ আছে ২১ দিনীয়া লকডাউন। এই সময়ছোৱাত শুকুৰবাৰৰ পৰা মাছৰ যোগান ধৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মীন বিভাগে। সেই অনুসৰি শুকুৰবাৰৰ পৰা ৰূপনগৰস্থিত ফিছফেডৰ বিপণীত মাছ বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শুকুৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত এই বিপণীত মাছ ক্ৰয় কৰিবলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকৰ সমাগম হয়। পুৱা ৯ বজাৰ পৰা মাছ বিক্ৰী আৰম্ভ কৰা হয় যদিও মাছ ক্ৰয় কৰাৰ বাবে পুৱা ৫ বজাৰ পৰাৰ পৰাই গ্ৰাহকে শাৰী পাতে। সন্ধিয়া পৰ্যন্ত বহু সংখ্যক লোকে মাছ বিচাৰি এই বিক্ৰী কেন্দ্ৰত ভিৰ কৰে। এই সম্পৰ্কে ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই জনাই কয় ” শুকুৰবাৰে ১১০০ কিলোগ্ৰাম মাছ ১১০০ লোকক
শনিবাৰৰ দিনটোত ১,৫২০ গৰাকী গ্ৰাহকে ১,৮৭০ কিলোগ্ৰাম মাছ ক্ৰয় কৰে। তেওঁ লগতে কয় ” দেওবাৰৰ দিনটোত প্ৰায় ২০০০ হাজাৰ কিলোগ্ৰাম মাছ বিক্ৰী কৰা হয়। ভকুৱা, ৰূপচন্দা, ভাঙন, মিৰিকা আদি মাছ চন্দ্ৰপুৰ, হাজো, বৰপেটা, মায়ং আদি ঠাইত থকা সমবায় সমূহৰ পৰা আনি এই শীত-তাপ নিয়ন্ত্ৰিত মাছ বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰা হৈছে। আমি পৰিস্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিছোঁ। ক্রেতাৰ বাবে হাত ধোঁৱাৰ ব্যৱস্থা কৰিছোঁ। আমি দূৰ দূৰণিৰ পৰা অহা প্ৰথম ১০০ গৰাকী ক্রেতাৰ বাবে কুপনৰ ব্যৱস্থা কৰিছোঁ ।তাৰ পাছত আন ক্রেতাৰ বাবেও মাছ ক্ৰয়ৰ সুবিধা কৰি দিছোঁ।আনহাতে ৰূপনগৰ মুক্তি যুঁজাৰু পথবাসিয়ে এতিয়া কৰ’নাৰ আতংকত ভূগিছে। কাৰণ এই অঞ্চলত বিগত তিনিদিন ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুলোকৰ সমাগম হৈছে। এই লোকসকলে কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ উত্থাপন হৈছে। মুখত এখন মাস্ক পিন্ধি নহাৰো স্থানীয় অভিযোগ উত্থাপন কৰে স্থানীয় বাসিন্দা সকলে। তদুপৰি অঞ্চলটোৰ সচেতন লোকসকলে উক্ত অঞ্চলটোত শীগ্ৰে চেনিচাইজিঙ কৰাৰ বাবে আহ্বান জনাইছে।