ফাঁচীবজাৰৰ এমএছ ৰোডত উচ্ছেদ অভিযান প্ৰশাসনৰ

52

সোমবাৰে মহানগৰীৰৰ ফাঁচী বজাৰত আকস্মিকভাৱে উচ্ছেদ অভিযানত নামি পৰিল মহানগৰ জিলা প্ৰশাসন। ফাঁচীবজাৰৰ এমএছ ৰোডত আকস্মিক উচ্চেদ অভিযান চলায় প্ৰশাসনে। প্ৰশাসনে এই উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বে কোনো জাননী প্ৰেৰণ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে। আনহাতে এই অভিযানত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।