ফলাফল ঘোষণা হোৱাৰ দিনটোত প্ৰাৰ্থী বা দলে পালন কৰিব নোৱাৰিব বিজয় উৎসৱঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

89

সমগ্ৰ দেশত এতিয়া ভয়ংকৰ পৰিস্থিতি। কোৰোনাৰ সংহাৰত ত্ৰস্ত সমগ্ৰ দেশবাসী। কিন্তু তাৰ মাজতে অহা ২ মে’ত অনুষ্ঠিত হব অসমৰ লগতে ৫খনকৈ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। কিন্তু কালি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক হত্যাকাৰীৰ সৈতে তুলনা কৰাৰ পিছতে এতিয়া ২ মে’ৰ ফলাফল ঘোষণাক লৈ গা লৰিছে নিৰ্বাচন আয়োগৰ। আজি এক নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। য’ত স্পষ্টভাৱে কোৱা হৈছে যে ২ মে’ত কোনো প্ৰাৰ্থী বা দলে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আনন্দ উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে। আয়োগৰ জাৰি কৰা মতে, ফলাফল ঘোষণা হোৱাৰ পিছত কোনো নেতা বা প্ৰাৰ্থীয়ে ৰাজপথত সমদল উলিয়াব নোৱাৰিব, ফটকা ফুটাব নোৱাৰিব বা একেলগে সমবেত হৈ বিজয় উৎসৱ পালন কৰিব নোৱাৰিব।

উল্লেখ্য যে, কালি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে এক শুনানি কালত নিৰ্বাচন আয়োগক হত্যাকাৰীৰ সৈতে তুলনা কৰিছিল। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দোপধ্যায়ৰ খণ্ড বিচাৰপীঠে কৈছিল যে গণতন্ত্ৰৰ অধিকাৰতকৈ মানুহৰ জীৱন বেছি মূল্যবান। নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা নিৰ্বাচনী প্ৰচাৰলৈ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ভূমিকাকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল ন্যায়াধীশ সঞ্জীৱ বন্দোপধ্যায়ে। নিৰ্বাচন আয়োগৰ ভুলৰ বাবেই দেশত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটা বুলিও মন্তব্য কৰা হৈছিল। এনে কঠোৰ সমালোচনাৰ পিছতে এতিয়া গা লৰিছে নিৰ্বাচন আয়োগৰ। আনহাতে ফলাফল ঘোষণা দিনটোত কিদৰে কোভিড প্ৰট’কল বিধি মানি চলা হব সেই সন্দৰ্ভতো ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যদি নিৰ্বাচন আয়োগে সৱিশেষ ন্যায়ালয়ক অৱগত নকৰে, তেন্তে নিৰ্বাচনী ফলাফল স্থগিত ৰখাৰো সকিয়নী প্ৰদান কৰিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।