পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল তাজমহল, লালকিল্লা…

70

সম্পূৰ্ণ দুমাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল তাজমহল আৰু লালকিল্লাৰ দৰে ঐতিহাসিক ক্ষেত্ৰ। কোৰোনাৰ ভয়াবহতাৰ বাবে দীৰ্ঘদিন ধৰি দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হৈ থকা তাজমহল আৰু লালকিল্লা ১৬ জুনৰ পৰা মুকলি কৰি দিয়া হৈছে। উল্লেখ্য যে, যোৱা ১৬ এপ্ৰিলত বন্ধ কৰা হৈছিল এইসমূহ স্মাৰক।

প্ৰণিধানযোগ্য যে, লাহে লাহে দেশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। দিল্লী, উত্তৰ প্ৰদেশতো বিগত দুটা মাহৰ পিছত সংক্ৰমণ আৰু মৃত্যুৰ হাৰ যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে। এনে ক্ষেত্ৰত দেশৰ অৰ্থনৈতিক শুধৰণিৰ বাবে ঐতিহাসিক ক্ষেত্ৰ সমূহ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে প্ৰশাসনে।