পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি কৰা হল পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য

85

গুৱাহাটীঃ বাৰিষা কাল আৰু কোভিড পৰিস্থিতিৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পুনৰ মুকলি কৰা হয়।

বাৰিষাকালত হোৱা বানপানীৰ ফলত অভয়াৰণ্যৰ ভিতৰৰ পথ আৰু দলংবোৰ ক্ষতিগ্ৰস্ত হৈছিল। অৱশ্যে, পৰ্যটকৰ আগমনৰ পূৰ্বে পুনৰ অভয়ৰণ্যখন সজাই তোলা হয়। 

অভয়াৰণ্যখনৰ এগৰাকী বিষয়াই কয় যে কোভিড পৰিস্থিতিৰ বাবে পৰ্যটকৰ আগমন কম হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ ৰাজহ সংগ্ৰহ সীমিত আছিল।

ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত ৩৮.৮৫ বৰ্গ কিলোমিটাৰ আৱৰি থকা প্ৰকৃতি সংৰক্ষিত অঞ্চলত ১০০ তকৈও অধিক গঁড় আছে। এই অভয়াৰণ্য খনত আছে বনৰীয়া ম’হ, হগ, ভুকোৱা হৰিণ, নাহৰফুটুকী বাঘ, বিভিন্ন প্ৰজাতিৰ সাপ আৰু কাছ আদি দুৰ্লভ বন্যপ্ৰাণী।