পৰীক্ষাৰ নামত কি চলিছে বিলাসীপাৰা মহাবিদ্যালয়ত?

445

পৰীক্ষাৰ নামত কি চলিছে বিলাসীপাৰা মহাবিদ্যালয়ত?

-মোবাইল চাই চাই পৰীক্ষা
আৰু তাৰ পিছত ভিডিঅ’ ভাইৰেলক লৈ বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

বিলাসীপাৰা কলেজৰ স্নাতক মহলৰ পৰীক্ষাৰ্থীৰ কাণ্ডক লৈ হতবম্ব সচেতন মহল
মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকাৰ বিৰুদ্ধেও উত্থাপন হৈছে একাধিক অভিযোগ

পুনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বিলাসীপাৰা মহাবিদ্যালয়। এইবাৰ অধ্যাপকে ছাত্ৰীক অশ্লীল মেচেজ কৰি নহয়, স্নাতক মহলৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত আনন্দ মনে নকল কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।_
বিলাসীপাৰা মহাবিদ্যালয়ৰ স্নাতক মহলৰ পৰীক্ষাৰ্থীয়ে মোবাইল মেলিছে, নকল দেখিছে আৰু আনন্দ মনে লেখিছে। সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ’। যাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। বিলাসীপাৰা মহাবিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্টৰ ক্ষেত্ৰত সংঘটিত হোৱা এইবাৰৰ ঘটনাটোৱেই কোনো নতুন ঘটনা নহয়। ইতিপূৰ্বেও মহাবিদ্যালয়খনত সংঘটিত হৈছে বহু নজৰ বিহীন ঘটনা। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু একাংশ অধ্যাপক-অধ্যাপিকাৰ বিৰুদ্ধে আছে বহু বিস্ফোৰক অভিযোগ। সময়মতে কলেজত উপস্থিত নহোৱা, নিয়মিত পাঠদান নকৰোৱা, পৰীক্ষাৰ হলত ডিউটিৰ পৰিবৰ্তে ষ্টাফ ৰুমত বহি গল্পত মচগুল থকা আদি। বিভিন্ন দল সংগঠনৰ অভিযোগ, ইতিমধ্যে সম্পূৰ্ণ ৰূপে বিনষ্ট হৈছে বিলাসীপাৰা মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ। চৰকাৰক অতি শীঘ্ৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ দুৰ্নীতিপৰায়ণ অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকাৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে দাবী তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।