পৰিবহন মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত বিপথে পৰিচালিত কৰাৰ অভিযোগত নিলম্বন কৰা হ’ল এগৰাকী ASTCৰ বিষয়াক

134

যোৱা ৬ জুলাইত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰিবহণ কাৰ্যালয় ভ্ৰমণৰ সময়ত বিপথে পৰিচালিত কৰাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহণ নিগমে বুধবাৰে এজন সংমণ্ডলীয় হিচাপ-নিকাচ বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে।

ইয়াৰ পুূৰ্বে ৰাজেন্দ্ৰ কাকতি নামৰ বিষয়াগৰাকীক শ্ব’ ক’জ নোটিচ প্ৰদান কৰা হৈছিল যদিও তাৰ উত্তৰ সন্তোষজনক নোহোৱাৰ বাবেই অৱশেষত বিষয়াজনক নিলম্বন কৰে। এ এছ টি চিৰ পৰিচালন সঞ্চালক এ চি এছ ৰাহুল দাসৰ কাৰ্যালয়ৰ পৰা অহা এক নিৰ্দেশত এই কথা সদৰী কৰা হৈছে।

জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ আছে, “মাননীয় মহোদয়ক বিপথে পৰিচালিত কৰাৰ বাবে সংমণ্ডলীয় হিচাপ বিষয়া ৰাজেন্দ্ৰ কাকতিক শ্ব’কজ জাননী প্ৰদান কৰা হৈছিল। অৱশ্যে ২০২২ চনৰ ৮ জুলাইত সংমণ্ডলীয় হিচাপ বিষয়া ৰাজেন্দ্ৰ কাকতিয়ে দাখিল কৰা কাৰণ দেখুৱাৰ জাননীৰ উত্তৰ সন্তোষজনক হোৱা নাই। সেয়েহে বিভাগীয় কাৰ্য্যবিধিৰ সীমা বাকী থকা অৱস্থাত ৰাজেন্দ্ৰ কাকতিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।’’