ষ্টাফৰিপৰ্টাৰ, খাৰঘুলিৰ হিড়িম্বাপুৰত চলিত বছৰৰ ২৮ জুনত সংঘটিত ভুমিস্খলনৰ ঘটনাত নিহত হোৱা গুৱাহাটী কলেজৰ মেধাবী ছাত্ৰী প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীক সোমবাৰে অসম চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাৰ সাহৰ্য প্ৰদান কৰা হয় ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা গুৱাহাটী ৰাজহ বিভাগৰ বিষয়ববীয়াৰ উপস্থিতত পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা
গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিভাৱান নৃত্য শিল্পী গৰাকীৰ বিয়োগত দুখ প্ৰকাশ কৰাৰ লগতে শোকসমপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়। সোমবাৰে শিল্পী গৰাকীৰ বাসগৃহত আদ্যশ্ৰাদ্ধ অনুষ্ঠানত পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈ সহ কেইবাগৰাকী বিষয়াৰ উপস্থিত প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীৰ হাতত ৪ লাখ টকাৰ আৰ্থিক অনুদান পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য কিছু দিন পুৰ্বে মন্ৰী গৰাকীয়ে প্ৰিয়ংকা বড়োৰ বাসগৃহত উপস্থিত হৈ ব্যক্তিগত ভাবে নগদ দহ হেজাৰ টকা আৰ্থিক অনুদান হিচাপে আগবঢ়াইছিল।