প্ৰেমৰ জালত পেলাই বিবাহিতা মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া…

109

আকৌ চৰ্চাত খাকী পোছাকধাৰী অসম আৰক্ষী!

এইবাৰ ফেচবুকৰ জৰিয়তে বিবাহিত মহিলাৰ সৈতে প্ৰেম কৰি পৰৱৰ্তী সময়ত মহিলাগৰাকীক মাৰপিটৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল এগৰাকী আৰক্ষী বিষয়াক।

জানিব পৰা মতে, মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মাজুলী আৰক্ষী থানাৰ নৱ নিযুক্ত উপ-পৰিদৰ্শক পৰাগ চৌধুৰীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জে’ললৈ।

বাতৰি অনুসৰি, ফেচবুকৰ জৰিয়তে চাবুৱাৰ এগৰাকী বৰা উপাধিৰ বিবাহিতা মহিলাৰ সৈতে পৰিচয় ঘটিছিল নৱ নিযুক্ত উপ-পৰিদৰ্শক অবিবাহত পৰাগ চৌধুৰীৰ।

তাৰ পিছতে মঙলবাৰে মাজুলীত উপস্থিত হয় মহিলাগৰাকী।

নিশা মাজুলী থানাৰ সমীপৰ পৰাগ চৌধুৰীৰ কোৱাৰ্টাৰতে কটায় মহিলাগৰাকীয়ে।

কিন্তু পুৱাই মহিলাগৰাকী আৰু আৰক্ষী বিষয়াগৰাকীৰ মাজত ঘটে দুৰ্বাদল কাজিয়া।

প্ৰথমে বাকযুদ্ধ, তাৰ পিছত হতা-হতি আৰু পিছত ব্লেডেৰে কটাকটি পৰ্যন্ত হয় দুয়োৰে মাজত।

এই ঘটনাত মহিলাগৰাকীৰ লগতে পৰাগ চৌধুৰীও আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাৰ পিছতে মহিলাগৰাকীক গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়লৈ নিয়া হয়। য’ত তেওঁৰ প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

ইফালে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত মাজুলী থানাত দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে অভিযুক্ত পৰাগ চৌধুৰীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় আৰু আদালতে জে’ললৈ প্ৰেৰণ।

এটি ৮ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পৰাগ চৌধুৰীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে।