প্ৰেমিকৰ ঘৰৰ পৰা উভতাই অনাৰ বাবেই আত্মহত্যা প্ৰেমিকাৰ

259

প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকৰ ঘৰৰ পৰা উভতাই অনাৰ বাবেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’লে কলগাছিয়াৰ হালধীয়া গাঁৱৰ এগৰাকী নাবালিকা কিশোৰীয়ে ৷ জানিব পৰামতে একে গাঁৱৰে মোবাৰক আলীৰ পুত্ৰ ছবুৰ উদ্দিনৰ লগত আছিল প্ৰেম৷ কিন্তু ছবুৰ উদ্দিনে অইন এগৰাকী ছোৱালী বিয়া পাতি অনাৰ খবৰ পাই আত্মহত্যা কৰা ছোৱালী জনী ছবুৰ উদ্দিনৰ ঘৰলৈ যায়।ছোৱালী জনীৰ বিয়াৰ বয়স নোহোৱাৰ অজুহাতত ছোৱালী জনীৰ অভিভাৱক আৰু গাঁৱৰ একাংশ মুখিয়াল মানুহে উভতাই আনে আৰু ছবুৰ উদ্দিনক ৯০ হেজাৰ টকা জৰিমনা কৰায় ৷ ছোৱালী জনী ছবুৰ উদ্দিনৰ প্ৰেমৰ পৰা বঞ্চিত হোৱাৰ কাৰণেই আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা বুলি অনুমান কৰিছে ৰাইজে৷ কলগাছিয়াৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷