দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। যি কোনো কাৰণতেই নহওক কিয় একাংশই আপোনজনক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। ইয়াৰ মাজতে এনে এক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা অঞ্চলত।এজন পিতৃয়ে প্ৰেমিকাৰ লগত বিয়াত বহিবৰ বাবে নিজৰ ২ বছৰীয়া সন্তানত হত্যা কৰে। শিশুটিক চকলেট দিয়াৰ চলেৰে গুদামলৈ লৈ যায় আৰু ডিঙি চেপি হত্যা কৰে। পাছত প্লাষ্টিকৰ বেগত মৃতদেহ ভৰাই নলাত পেলাই দিয়ে।
