প্ৰেমিকক বিয়া কৰাবলৈ পিতৃৰ সন্মুখত অপহৰণ নাটক যুৱতীৰ, নিজেই ক’লে এই কথা…

56

ডিজিটেল ডেস্কঃ তেলেংগানাৰ ৰাজনা ছিৰচিলাত প্ৰেমিকক বিয়া কৰাবলৈ অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে যুৱতীগৰাকীক পিতৃৰ সন্মুখত অপহৰণ কৰা ভিডিঅ’।

পিছত যুৱতীগৰাকীয়ে এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, “আমি এবছৰৰ আগতে বিয়া হৈছিলো, যিহেতু মই তেতিয়া নাবালক আছিলো, সেয়েহে মোৰ পিতৃ-মাতৃয়ে বিয়াৰ বাবে সন্মত নাছিল আৰু মোৰ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল।”

জানিব পৰা মতে, পৰিয়ালৰ অসন্মতিৰ বাবেই পিতৃৰ সৈতে মন্দিৰৰ পৰা ওভতাৰ পথত অপহৰণৰ নাটক ৰচিছিল যুৱতীগৰাকীয়ে।