প্ৰায় ডেৰ বছৰৰ পিছত পৰিয়ালৰ সৈতে অখিল গগৈ…

66

প্ৰায় ডেৰ বছৰৰ মূৰত পুত্ৰ নছিকেতাক বুকুত সাৱটি পিতৃৰ স্নেহ ব্যক্ত কৰিবলৈ সক্ষম হল অখিল গগৈয়ে। ডেৰটা বছৰৰ অন্তত নিজৰাপাৰৰ আপোন ঘৰত এনিশা কটাবলৈ পালে কাৰাবন্দী অখিল গগৈয়ে। শুকুৰবাৰে আদালতে অখিল গগৈক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ দুদিনৰ জামিন প্ৰদান কৰাৰ পিছতে নিজৰাপাৰস্থিত ঘৰত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী। পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নছিকেতাৰ সৈতে কিছু অন্তৰংগ মুহূৰ্ত অতিবাহিত কৰে তেওঁ। আনহাতে অখিল গগৈ নিজ ঘৰখনত উপস্থিত হোৱাত আনন্দৰ বন্যা নামে পৰিয়ালৰ বাকী সদস্য সকলৰ মাজতো।

ইফালে নিশা নিজৰাপাৰাৰ বাসগৃহত কটাই আজি পুৱাই যোৰহাটত থকা মাতৃৰ কাষলৈ যায় অখিল গগৈ। ৰুগীয়া মাতৃয়ে পুত্ৰক দীঘলীয়া সময়ৰ পিছত কাষত পাই আনন্দত উচুপি উঠে। অখিল গগৈৰ ক্ষন্তেকিয়া আগমণত যোৰহাটৰ বাসগৃহ ভৰি পৰে তেওঁৰ অসংখ্য গুণমুগ্ধ আৰু শুভাকাংক্ষীৰে।

উল্লেখ্য যে, আজি অখিল গগৈ মাতৃৰ কাষতে নিশা কটাব। তাৰ পিছত তেওঁ কাইলৈ পুনৰ গুৱাহাটীলৈ ৰাওনা হব বুলি জানিব পৰা গৈছে। আদালতৰ নিৰ্দেশমৰ্মে দেওবাৰে সন্ধিয়া ৮ বজাৰ ভিতৰত অখিল গগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হব লাগিব।