মঙলবাৰে নিশা চুৰাইবাৰী ডব্লিউ পিৰ কৰ্মচাৰীয়ে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত এখন বাহনৰ গোপন চেম্বাৰৰ পৰা বিপুল পৰিমাণৰ ভাং উদ্ধাৰ কৰে।
খবৰ অনুসৰি চুৰাইবাৰীত আৰক্ষীয়ে এখন ট্ৰাক আটক কৰি প্ৰায় ১২৭৫ কেজি ওজনৰ ভাং উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে এই গোচৰৰ সৈতে জড়িত এজন ব্যক্তিক আটক কৰা হৈছে।
অধিক তদন্ত অব্যাহত আছে।
