প্ৰাণনাশক কুঁৱলি! ইষ্টাৰ্ণ পেৰিফেৰল এক্সপ্ৰেছ ৱে’ত খুন্দা ২৫খন গাড়ীৰ; এজন নিহত

63

শনিবাৰে পুৱা দিল্লী এনচিআৰক কুঁৱলিৰে আৱৰি ধৰে। যাৰ বাবে গাজিয়াবাদত ইষ্টাৰ্ণ পেৰিফেৰল এক্সপ্ৰেছ ৱে’ত ২৫খন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাই আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত হয় বহুকেইখন সৰু-ডাঙৰ গাড়ী। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

দুৰ্ঘটনাটোৰ বাবে ইষ্টাৰ্ণ পেৰিফেৰল এক্সপ্ৰেছ ৱে’ত দীঘলীয়া যান-জঁটৰ সৃষ্টি হয়। কিছু সময়ৰ পিছত আৰক্ষী তাত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাটোৰ বাবে ৰাজপথত কেইবাখনো বাহনৰ দীঘলীয়া শাৰী হৈ যায়। এই বাহনসমূহক ক্ৰেনৰ দ্বাৰা আঁতৰোৱা হয়।

দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোকে গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই দুৰ্ঘটনাটোৰ পিছত দিল্লীৰ স্থানীয় লোকসকলক যথেষ্ট সাৱধানেৰে গাড়ী চলোৱাৰ বাবে আহ্বান জনাই আৰক্ষীয়ে।