প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ দেহাৱসান

49

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু আমাৰ মাজত নাই। দেওবাৰে সন্ধিয়া ৬.২০ বজাত দিছপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

৭ বাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱাৰ অন্যন্য কৃতিত্ব অৰ্জন কৰা ডা০ ভূমিধৰ বৰ্মনে ২২ এপ্ৰিল ১৯৯৬ চনৰ পৰা ১৪ মে’ ১৯৯৬ চনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নলবাৰী জিলাৰ বেলশৰত জন্মগ্ৰহণ কৰা ডা০ বৰ্মনে ১৯৬৭ চনত প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ শৰৎ সিংহ আৰু তৰুণ গগৈৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব নিৰ্বাহ কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহাৱসনাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।