প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ ল’লে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ দিশপুৰ হস্পিতালত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিলে সোণোৱালে৷ লগতে তেঁও চিকিৎসক সকলকো বৰ্মন ডাঙৰীয়াৰ সকলো ব্যৱস্থা ল’বলৈ আহ্বান জনাই৷