প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ বিয়োগ

309

বুধবাৰে অসমৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেয়ে ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থাকি শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনীতিবদগৰাকীয়ে।

খবৰ অনুসৰি, দে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰা জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।

১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাই সমষ্টিৰ পৰা অসম বিধানসভাত বিধায়ক আছিল।

কিন্তু ২০২১ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

দেয়ে তেওঁ অসম চৰকাৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।