প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু

81

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা মদন কলিতাই শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

২০০১ চনত নলবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা মদন কলিতাই সুদীৰ্ঘ কাল সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিল।

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে শুকুৰবাৰে নিশা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিছে।

মদন কলিতাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যিক কংগ্ৰেছকে ধৰি তেওঁৰ অসংখ্য গুণমুগ্ধই।