কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে।
বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰি থকা খানে বৃহস্পতিবাৰে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল প্ৰাক্তন সভাপতি ৰিপুন বৰাই। ৰিপুন বৰাৰ তৃণমূল যাত্ৰাৰ সময়তে এনেদৰে এগৰাকী জ্যেষ্ঠ নেতাৰ দল ত্যাগে বিশেষ চৰ্চা লাভ কৰিছে।