প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে জাতীয় কংগ্ৰেছত যোগদান

88

বিজেপিয়ে এপদ এপদকৈ দেশৰ সকলো সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে, এয়া আমাৰ বাবে শুভলক্ষণ নহয় । জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিয়ে এই মন্তব্য আগবঢ়ালে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে ।

২০১১ চনৰ পৰা ২০১৬ চনলৈ যেতিয়া বিজেপিৰ মাত্ৰ ৫জন বিধায়ক আছিল, তাৰ অন্যতম আছিল ডুমডুমাৰ এইগৰাকী প্ৰাক্তন জনপ্ৰতিনিধি দিলীপ মৰাণ। বিগত ২০১৬ চনৰ বিধান সভা নিৰ্বচনতো মাত্ৰ ৭৮২টা ভোটত কংগ্ৰেছ প্ৰাৰ্থী দুৰ্গা ভূমিজৰ হাতত পৰাজিত হয়।

বিজেপিৰ বেয়া দিনৰ নেতা দিলীপ মৰাণে গেৰুৱা দলটোৰ শেহতীয়া কাম–কাজত ক্ষুন্ন হৈ বুধবাৰে জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদানৰ পিছতে News18ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত দিলীপ মৰাণে কয় যে তেওঁ আগন্তুক ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছক লৈ আশাবাদী।