ষ্টাফৰিপৰ্টাৰ, ১৬ জুন : গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰাক্তন পাৰিষদ বলেন ভৰালীক বেয়া ব্যৱহাৰ কৰা বুলি ওলোৱা অভিযোগ ভিত্তিহীন ৷ একাংশ প্ৰত্যক্ষ দৰ্শীৰ মতে এয়া এটা ব্যক্তিগত টেলিভিছনে মন্ৰীগৰাকীৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ ৷ জানিব পৰা মতে চলিত মাহত সাতপুখুৰী পানী যোগান কেন্দ্ৰৰ দুটা পানীৰ পাম্প বিকল হোৱাৰ বাবেই সচেতন নাগৰিক হিছাপে প্ৰাক্তন পাৰিষদ বলেন ভৰালী ’ প্ৰাক্তন মেয়ৰ ক্ৰমে মৃগেন শৰনীয়া কুশল শৰ্মা প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়ো সহ কেইবাগৰাকী প্ৰাক্তন পাৰিষদে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ হাতত লিখিত অভিযোগ দিয়ে ৷তেওঁলোকৰ অভিযোগ ২০১৯ বৰ্ষৰ শেষৰ ভাগত পৌৰ নিগমে ২৬ টা পানীৰ পাম্প ক্ৰয় কৰে পুনেৰ এক ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা ৷ ইয়াৰে দুটা পাম্প মে’ মাহত বিকল হয় ৷সেইবাবেই অন্চলবাসী ৰাইজে কিছু দিনৰ বাবে পানীৰ সমস্যাত দুৰ্ভোগ ভোগে ৷ ৰাইজৰ স্বাৰ্থত পৌৰ নিগমৰ তৰফৰ পৰা তাৎক্ষণিক ভাবে অভিযোগ দিয়া ব্যক্তি সকলৰ লগত দেওবাৰে এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত মত বিনিময় অনুষ্ঠানত ভাবৰ আদন প্ৰদানৰ বাবে মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ৷ তাৰে কেইমুহূৰ্তমান আগতে মন্ৰী গৰাকীয়ে ঘটনাটোৰ সম্পূৰ্ণ তথ্য সহকাৰে ৰাইজৰ জ্ঞাতৰ্থে এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদ মেল অন্ত পৰাৰ লগে লগেই আটাইকেইগৰাকী সচেতন নাগৰিকৰ লগত বিষয়টোৰ ওপৰত মনৰ ভাব আদান – প্ৰদান কৰা আৰম্ভ কৰে ৷ তেনেতে প্ৰাক্তন পাৰিষদ বলেন ভৰালীয়ে মন্ৰী গৰাকীক তুমি বুলি সম্বোধন কৰে ৷ তেতিয়া মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বলেন ভৰালীক উদ্দেশ্যি কয় আমি এতিয়া চৰকাৰী ভাবে আয়োজিত অনুষ্ঠানত আছো ৷ গতিকে সামাজিক ভাবে ব্যৱহাৰ কৰা ভাল হ’ব ৷ এই কথা খিনি কোৱাৰ বাবেই যেন মন্ৰী গৰাকী জগৰীয়া হ’ল ৷ লগে লগে এচাম ইলেক্ট্ৰনিক মিডিয়াই ভিজুৱেল সংগ্ৰহ কৰি বাৰে বাৰে মন্ৰীগৰাকীয়ে বলেন ভৰালীক দু- ব্যৱহাৰ কৰাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছে ৷ মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনেকৈ মনেসজা বাতৰি পৰিবেশন কৰা বুলি একাংশ প্ৰত্যেক দৰ্শীয়ে অবগত কৰে ৷ এই ক্ষেত্ৰত বলেন ভৰালীয়ে ক’ব বিছাৰিছে যে সেই বৈঠক খন ঘৰুৱা ৷ আছলতে তেওঁ ভৱাৰ দৰে বৈঠক খন ঘৰুৱা হ’ব নোৱাৰে ৷কিয়নো তেওঁলোকক গুৱাহাটী পৌৰনিগমৰ তৰফৰ পৰা নিমন্ৰনী পত্ৰ প্ৰেৰণ কৰা আমন্ত্ৰণ জনোৱা হৈছিল বুলি পৌৰনিগমৰ বিষয়া সকলে অৱগত কৰে ৷ তদুপৰি মতবিনিময় অনুষ্ঠানত পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, অতিৰিক্ত উপায়ুক্ত পুলক মহন্ত, পৌৰনিগমৰ অধীক্ষক অভিযন্তা মনোৰঞ্জন ভৰালী, অভিযন্তা হেমন্ত কলিতাৰ লগতে কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷প্ৰত্যেক দৰ্শী একাংশ ব্যক্তিয়ে জনাই যে বৈঠক খন ঘৰুৱা আছিল তেনেহলে চৰকাৰী এই সকল বিষয়া’ কৰ্মচাৰী কিয় উপস্থিত থাকিলহেঁতেন ৷ অভিযোগ দিয়া ব্যক্তি সকলৰ লগত হোৱা বৈঠক চৰকাৰী ভাবে আয়োজিত আছিল ৷ সেইবাবেই হয়তো মন্ৰী গৰাকীয়ে সামজিক ভাবে মতবিনিময় অনুষ্ঠান আগবাঢ়িব বিছাৰিছিল ৷ সেইটোকে এটা টেলিভিচন চেনেলে প্ৰচাৰ কৰি মন্ৰীগৰাকীক ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিবলৈ বিছাৰিছে সেয়া সৰ্বস্তৰৰ ৰাইজে প্ৰতেক্ষ কৰিছে বুলি এচাম সচেতন নাগৰিকে জানিবলৈ দিয়ে । তেওঁলোকৰ মতে মন্ৰী গৰাকীৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ বাবেই হয়তো তেনেকুৱা পদক্ষেপেৰে বাতৰি সম্প্ৰচাৰ কৰিছে সেয়া আৰু সাধৰণ ৰাইজে বুজি পাবলৈ বাকী নাই ৷