‘বিজেপি এতিয়া এটা দল নহয়, বিজেপি এটা মিছনৰ নাম।’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ এক যোগদান অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে কয় যে যি হাৰত বিজেপিত অন্য দলৰ পৰা আহি যোগদান আৰম্ভ হৈছে, সেয়া এক ভাল লক্ষণ। বৰ্তমান বিজেপিৰ ৫০ লাখ সদস্য আছে আৰু এই সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আছে বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে।
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত বিজেপিৰ যোগদান অনুষ্ঠানত ৰাজ্যৰ প্ৰাক্তন ডিআইজি শ্যামল শইকীয়াই গেৰুৱা বসন পৰিধান কৰে। তদুপৰি বিপিএফৰ ভালেকেইগৰাকী নেতা-কৰ্মীয়েও বুধবাৰে যোগদান কৰে বিজেপিত। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।