প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ, জামিনত মুক্তি

1669

দেওবাৰে সন্ধিয়া মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীক। মুম্বাইৰ বান্দ্ৰাস্থিত তেওঁৰ আবাসিক ছ’চাইটিৰ গেটত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে বাহনেৰে খুন্দা মৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, কাম্বলীয়ে গেটত খুন্দা মৰাৰ পিছত কমপ্লেক্সৰ চকীদাৰ আৰু একাংশ আবাসীৰ সৈতেও তৰ্কত লিপ্ত হয়।

অৱশ্যে পিছত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে জামিনত মুক্তিলাভ কৰে।

বান্দ্ৰা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, বিনোদ কাম্বলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৭৯ (দ্ৰুত গতিত গাড়ী চলোৱা), ৩৩৬ (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপদাপন্ন কৰা) আৰু ৪২৭ (ক্ষতি সাধন কৰা দুষ্টতা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।