প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ মৃত্যু

74

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা যশৱন্ত সিঙৰ দেওবাৰে পুৱা দেহাৱসান ঘটে। দীৰ্ঘ সময় ধৰি অসুস্থ হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চিকিৎসা দিল্লীৰ এখন ব্যক্তিগত হাস্পাতালত কৰি থকা হৈছিল।

৫ বাৰকৈ ৰাজ্যসভালৈ মনোনীত হোৱা যশৱন্ত সিং ৪ বাৰ লোকসভালৈও নিৰ্বাচিত হৈছিল। কেন্দ্ৰীয় বিজেপি চৰকাৰত তেওঁ, প্ৰতিৰক্ষা, বিত্ত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ দৰে বিভাগৰ গুৰু দায়িত্ব বহন কৰিছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।