ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী ঘোষণা বিৰোধীৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। দিল্লীত অনুষ্ঠিত হোৱা বিৰোধী দল সমূহৰ বৈঠকৰ অন্তত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই কথা ঘোষণা কৰিছে।
তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে যশোৱন্ত সিনহাক দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে তেওঁক লৈ সকলো সৰ্ব সন্মতিত উপনীত হয়। যশৱন্ত সিনহাই ২৭ জুনত দাখিল কৰিব মনোনয়ন পত্ৰ।
উল্লেখ্য যে, বিৰোধীৰ হাতত পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে বিৰোধিৰ হাতত সৰ্বমুঠ ৫১ শতাংশ ভোট আছে। শাসনাধিষ্ঠ এন ডি এৰ হাতত আছে ৪৯ শতাংশ ভোট।
যদিহে বিৰোধীৰ ভোট বিভাজন নহয় তেনেহলে বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো প্ৰায় নিশ্চিত। ৰাজনীতিলৈ অহাৰ পূৰ্বে এসময়ত আই এ এছ বিষয়া হিচাপে সেৱা আগবঢ়োৱা যশোৱন্ত সিনহাই অধ্যাপক হিচাপেও দায়িত্ব পালন কৰিছিল।
২০২১ চনৰ ১৩ মাৰ্চত যশৱন্ত সিনহাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু সক্ৰিয় ৰাজনীতিলৈ পুনৰ উভতি আহে। টিএমচিত যোগদান কৰাৰ পিছত, দলটোৱে তেওঁক ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে সন্মানজনক স্থান দিয়ে।
