প্ৰাক্তন উগ্ৰপন্থীৰ এনকাউণ্টাৰক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে মেঘালয়ৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুৰ পদত্যাগ

188

এজন প্ৰাক্তন উগ্ৰপন্থীক আৰক্ষীয়ে এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাক লৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ মাজতে দেওবাৰে মেঘালয়ৰ গৃহ মন্ত্ৰী লাহকমেন ৰিম্বুৱে পদত্যাগ কৰে।

ৰিম্বুৱেই মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক আত্মসমৰ্পণ কৰা নিষিদ্ধ হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ স্বঘোষিত সাধাৰণ সম্পাদক চেৰিষ্টাৰফিল্ড থাংখিউৰ এনকাউণ্টাৰ কাণ্ডৰ ন্যায়িক তদন্ত আৰম্ভ কৰিবলৈও আহ্বান জনায়।

তেওঁ মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰত কয়, “প্ৰাক্তন উগ্ৰপন্থী চেষ্টাৰফিল্ড থাংখিউক নিজ বাসগৃহত বে-আইনীভাৱে আৰক্ষীয়ে অভিযান চলাই হত্যা কৰা ঘটনাক লৈ মই আচৰিত হৈছোঁ। মই এই ঘটনাৰ মুক্ত আৰু নিৰপেক্ষ তদন্তৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰক। মই ন্যায়িক তদন্ত কৰাৰ প্ৰস্তাৱ জনাওঁ।”

ইফালে ৰিম্বুৱে সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত কয় যে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়েও তেওঁৰ পদত্যাগ কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। তেওঁ কয়, “থাংখিউৰ হত্যাৰ মুক্ত আৰু নিৰপেক্ষ তদন্তৰ অনুমতি দিবলৈ মই মোৰ দলৰ নেতৃত্বৰ সৈতে যথাযথ পৰামৰ্শৰ পিছত মোৰ পদত্যাগ পত্ৰ অৰ্পণ কৰিছোঁ।”

এই ঘটনাৰ পিছত সৃষ্টি হব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে ইতিমধ্যে শ্বিলঙত কাৰফিউ জাৰি কৰিছে আৰু কমেও চাৰিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে।

উল্লেখ্য যে, মেঘালয়ত সংঘটিত কেইবাটাও আই ই ডি বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে থাংখিউৰ বাসগৃহত যোৱা ১৩ আগষ্টত অভিযান চলাইছিল। এই অভিযানৰ সময়ত উগ্ৰপন্থীজনে আৰক্ষীৰ ওপৰত চুৰীৰে আক্ৰমণ কৰাত আৰক্ষীয়েও গুলিবৰ্ষণ কৰিবলৈ বাধ্য হয়। যাৰ ফলত থাংখিউৰ মৃত্যু ঘটে। ইয়াৰ পূৰ্বে ২০১৮ চনত থাংখিউৱে মেঘালয় চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। কিন্তু আৰক্ষীৰ দাবী মতে আত্মসমৰ্পণৰ পিছতো বিভিন্ন কূটাঘাটমূলক কাৰ্যৰ সৈতে জড়িত হৈ আহিছিল থাংখিউ।