সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অগপ নেতা তথা গোলকগঞ্জৰ প্ৰাক্তন বিধায় ডালিম ৰয়। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা প্ৰাক্তন বিধায়গৰাকীয়ে ৮৫ বছৰত শেষ নিশ্বাস ত্যাগ কৰে।
জানিব পৰা মতে, প্ৰবীণ নেতাগৰাকী দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল। সোমবাৰে নিশা ধুবুৰীৰ গোলকগঞ্জৰ হালাকুৰা অঞ্চলস্থিত নিজা বাসগৃহতে মৃত্যুক সাৱটি লয়।
১৯৮৫ চনত, ৰয় গোলকগঞ্জ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু অগপ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ সহযোগী আছিল।
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
টুইটাৰযোগে তেওঁ লিখিছে, “প্ৰবীণ অগপ নেতা তথা গোলোকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালিম ৰয়ৰ মৃত্যুত দুঃখিত। তেওঁৰ নিকটতম জনৰ প্ৰতি মোৰ সমবেদনা। তেওঁৰ আত্মাৰ সদগাতি কামনা কৰিছো। ওম শান্তি!”
ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱেও ৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰে।
