প্ৰবীণ অভিনেতা সাধন হাজৰিকাৰ বিয়োগ

125

অসমীয়া চলচ্ছিত্ৰ জগতৰ বাবে এক দুঃখবৰ।

প্ৰবীণ অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান।

মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ অভিনেতাগৰাকীৰ।

নিমোনিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা।

হাস্পতালতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে।

ড০ বেজবৰুৱা, লাচিত বৰফুকন, ব’হাগৰ দুপৰীয়া, মন মন্দিৰ আদি অসমীয়া ছবিৰ লগতে কেইবাখনো ধাৰাবাহিকত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল হাজৰিকাই।

প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সাংস্কৃতিক জগতখনত।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে।