প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনক কি আহ্বান জনালে কৃষক নেতা ৰাকেশ টিকাইটে…

67

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া আমেৰিকা ভ্ৰমণত আছে। তেওঁ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনক সাক্ষাৎ কৰিব। নৰেন্দ্ৰ মোদীক বিডেনৰ সাক্ষাতৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক এটা আহ্বান জনালে ভাৰতীয় কৃষক নেতা ৰাকেশ টিকাইটে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক টেগ কৰি টুইট কৰে আৰু আহ্বান জনায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সময়ত কৃষকসকলৰ সমস্যাৰ প্ৰতি মনোযোগ দিব লাগে।

ৰাকেশ টিকাইটে লিখিছে যে আমি ভাৰতীয় কৃষকসকলে প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ দ্বাৰা অনা ৩ খন কৃষি আইনৰ বিৰোধিতা কৰি আছো। ১১ মহীয়া প্ৰতিবাদৰ সময়ত ৭০০ জন কৃষকে প্ৰাণ হেৰুৱাইছে। এই ক’লা আইনৰ পৰা আমাক সুৰক্ষা দিব লাগে আৰু আইন কেইখন বাতিল কৰা হওক। অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰী মোডীক লগ পোৱাৰ সময়ত আমাৰ চিন্তাৰ ওপৰত গুৰুত্ব দিয়ক।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক আমেৰিকা ভ্ৰমণত সাক্ষাৎ কৰিছিল। য’ত দুয়োজনে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যেতিয়া ভাৰতত কোৰোনাৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰিছিল, তেতিয়া আমেৰিকাই যথেষ্ট সহায় কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে কমলা হেৰিছকো ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়৷

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ৫টা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী মোডীয়ে কোৱালকম, এডোব, ফাৰ্ষ্ট চ’লাৰ, জেনেৰেল এটমিক্স আৰু ব্লেকষ্টোনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ বৈঠকৰ পিছত কোৱালকমৰ অধ্যক্ষই কয় যে ভাৰতৰ সৈতে অংশীদাৰীত্বক লৈ তেওঁলোকৰ কোম্পানী গৌৰৱান্বিত৷