প্ৰধানমন্ত্ৰী মোডীৰ সমালোচনাত মুখৰ হৈ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব পাৰিবনে ভাৰত চৰকাৰে?

66

ভুল মানুহৰ হয়। প্ৰধানমন্ত্ৰীও মানুহেই। গতিকে ভুল তেওঁৰো হব পাৰে। কিন্তু ইমান ডাঙৰ ভুল, যাৰ শাস্তি আজি দেশৰ লাখ লাখ জনতাই ভোগ কৰিবলৈ হৈছে, সেই ভুলৰ সমালোচনা নিতান্তই স্বাভাৱিক। বিশ্ব দৰবাৰত ভাৰতক বিশ্বগুৰুৰ ৰূপত তেওঁ পৰিচয় কৰাই দিব বিচাৰিছিল। সফলো হৈছিল বহুখিনি। কিন্তু হঠাৎ যেন সকলো মষিমূৰ হৈ পৰিল। এটা পলৰ ভিতৰতে এতিয়া বিশ্বৰ ভিতৰতে ব্যৰ্থ দেশৰ তালিকাত সন্নিৱিষ্ট হল ভাৰতৰ নাম। প্রধানমন্ত্ৰীৰ সমালোচনাত মুখৰ হৈ পৰিল আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম।

কোভিড পৰিস্থিতিয়ে ভাৰতত ভয়াবহতাৰ সৃষ্টি কৰিছে। প্ৰতিদিনে লাখ লাখ লোক এই মহামাৰীত আক্ৰান্ত হৈছে। দৈনিক কেইবা সহস্ৰাধিকজনে প্ৰাণ হেৰুৱাইছে। হাস্পতালত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱে ৰোগীৰ মাজত সৃষ্টি কৰিছে আতংকময় পৰিস্থিতিৰ। চৰকাৰী তথ্যৰ মতে নহলেও, এয়াও সত্য যে এতিয়া ভাৰতৰ বহু ৰাজ্যত মৃতকৰ সৎকাৰ কৰিবলৈ ঠাইৰ অভাৱ ঘটিছে।

সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততে কোভিড আক্ৰান্তৰ সংখ্যা এতিয়া সৰ্বাধিক। কিন্তু ইয়াৰ বাবে জগৰীয়া কোন? ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেৱল দিল্লী-মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ গাতে সকলো দোষ জাপি দি জনতাৰ এই প্ৰশ্নৰ বক্ৰ উত্তৰ দিব বিচাৰিলেও কিন্তু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টিৰ পৰা সাৰি নগল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখন। প্ৰধানমন্ত্ৰী মোডীক কলমৰ ধাৰেৰে সমালোচনা কৰি ইতিমধ্যে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় কাকতত প্ৰকাশ পাইছে প্ৰতিবেদন।

দ্য অষ্ট্ৰেলিয়ান নামৰ কাকতখনত ভাৰতৰ কোভিড সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিবেদনখনতো ক্ষুৰধাৰ সমালোচনা কৰা হৈছে মোডী আৰু চৰকাৰৰ। সেই প্ৰতিবেদনৰ হেডলাইন হৈছে- ‘Modi leads India out of lockdown…and into a viral apocalypse’. অৰ্থাৎ- প্ৰধানমন্ত্ৰী মোডীয়ে দেশক লকডাউনৰ পৰা মুক্ত কৰি এক ভয়ংকৰ সৰ্বনাশৰ দিশলৈ ঠেলি দিছে। এই প্ৰতিবেদনখনত প্ৰধানমন্ত্ৰীৰ অতি ৰাষ্ট্ৰবাদ, অহংকাৰবোধ আৰু আমোলাসকলৰ অক্ষমতাই এক বিশাল সংকটৰ সৃষ্টি কৰা বুলিও অভিযোগ কৰা হৈছে। যাৰ পিছতে দ্য অষ্ট্ৰেলিয়ান নামৰ কাকতখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভাৰত চৰকাৰ।

ভাৰত চৰকাৰে মোডী আৰু চৰকাৰক সমালোচনা কৰা বিষয়টো সহজভাৱে লব পৰা নাই। বিশ্বৰ দৃষ্টিত হেয় হৈ পৰা প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি উদ্ধাৰৰ বাবে উঠিপৰি লাগিছে মোডী চৰকাৰ। খবৰ অনুসৰি, দ্য অষ্ট্ৰেলিয়ান কাকতৰ মুখ্য সম্পাদকলৈ এনে ভিত্তিহীন প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। কেনবেৰাস্থিত ভাৰতীয় উচ্চায়ুক্তই কাকতখনলৈ পত্ৰ লিখি এই প্ৰতিবেদন ভিত্তিহীন, অসত্য আৰু নিন্দনীয় বুলি দাবী কৰিছে।

দৰাচলতে দ্য অষ্ট্ৰেলিয়ান কাকতত মোডী বিৰোধী এই প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পূৰ্বে সেয়া প্ৰকাশ পাইছিল দ্য টাইমছ নামৰ কাকতখনত। লিখিছিল ফিলিপ ছেৰৱেলে। দ্য টাইমছত এই প্ৰতিবেদনৰ শিৰোনাম আছিল- “Modi leads India out of lockdown and into a Covid apocalypse”। অৰ্থাৎ মোডীয়ে ভাৰতক লকডাউনৰ পৰা মুক্ত কৰি কোভিডৰ সৰ্বনাশৰ মাজলৈ ঠেলি দিছে।

কিন্তু প্ৰধানমন্ত্ৰী মোডী বা ভাৰত চৰকাৰক সমালোচনা কৰি প্ৰতিবেদন কেৱল দ্য অষ্ট্ৰেলিয়ান বা দ্য টাইমছ কাকতেই প্ৰকাশ কৰা নাই। আন বহু আন্তঃৰাষ্ট্ৰীয় কাকত-আলোচনী এতিয়া কোভিড পৰিস্থিতি নিয়ন্ত্ৰণক লৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ বা মোডীৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ভাৰতৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জগৰীয়া কৰি দ্য গাৰ্জিয়ান কাকতৰ সম্পাদকীয়ত লিখা হৈছে যে মোডীৰ অতি আত্মবিশ্বাসৰ বাবেই আজি ভাৰতত কোভিডৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষজ্ঞৰ পৰামৰ্শত প্ৰধানমন্ত্ৰী মোডীয়ে গুৰুত্ব প্ৰদান নকৰে বুলিও কাকতখনৰ সম্পাদকীয়ত দাবী কৰা হৈছে। দ্য গাৰ্জিয়ানত এয়াও উল্লেখ কৰা হৈছে ভৱিষ্যতৰ ইতিহাসবিদসকলে ভাৰতৰ বৰ্তমানৰ পৰিস্থিতি আৰু চৰকাৰৰ পদক্ষেপক লৈ প্ৰধানমন্ত্ৰী মোডীক কঠোৰভাৱে বিচাৰ কৰিব।

দ্য নিউয়ৰ্ক টাইমছ নামৰ কাকতখনৰ এখন প্ৰতিবেদনত এই দাবী কৰা হৈছে যে চৰকাৰৰ ভুল পদক্ষেপ আৰু দায়িত্বহীনতাৰ বাবে ভাৰতৰ স্থান আজি বিশ্বৰ আটাইতকৈ বেয়া স্থানলৈ পৰিবৰ্তিত হৈছে। ভাৰতৰ বিফলতাৰ প্ৰভাৱ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বৰ ওপৰত পৰিব বুলিও আশংকা কৰা হৈছে।

চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোডীৰ ইমেজত লগা এই দাগ মচিবৰ বাবে চৰকাৰে বিভিন্ন প্ৰকাৰে চেষ্টা চলাইছে। কিন্তু আজি যিবোৰ সংবাদ মাধ্যমে চৰকাৰৰ ওপৰত আঙুলি টোঁৱাইছে, সেইসকল ভাৰতীয় সংবাদ মাধ্যম নহয় যে তাক অতি সহজেই হাতৰ মুঠিলৈ আনিব পৰা যাব। ভাৰতৰ এনে পৰিস্থিতিৰ বাবে বহিঃৰাষ্ট্ৰৰ বহু বিশেষ ব্যক্তিয়েও চৰকাৰক প্ৰশ্ন কৰিছে।

দেশত কোভিড পৰিস্থিতি ভয়াবহ হৈ পৰাৰ সময়ত ৫ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল প্ৰধানমন্ত্ৰী মোডীকে ধৰি বৰ বৰ নেতা-মন্ত্ৰীসকল। ৰাজপথত জনসমুদ্ৰৰ সৃষ্টি কৰি যেতিয়া ৰেলীত অংশ লৈছিল, তেতিয়াই আচলতে চৰকাৰে কোভিড প্ৰতিৰোধৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ আভাস পোৱা গৈছিল। আজি যেতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেই একেখিনি কাৰণতে চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া চৰকাৰে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব বিচৰাটোৱে কিন্তু চৰকাৰৰ সফলতা নিৰ্ধাৰণ নিশ্চয় নকৰে।