প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ২৪টা প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ…

119

২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰাৰ আগমুহূৰ্তত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদমেলযোগে নৰেন্দ্ৰ মোদীলৈ ২৪টা প্ৰশ্ন উত্থাপন কৰে। এই ২৪টা প্ৰশ্নৰ ভিতৰত বিশেষ কেইটামান প্ৰশ্ন ক্ৰমে-

সতী জয়মতীৰ যিটো ত্যাগ, যিটো তেওঁৰ সত্য, স্বাভিমান, তেওঁৰ সেই স্বাভিমান মোদী ডাঙৰীয়াই অপমান কৰা নাই নে? তেওঁ অপমান কৰিছে কাৰণ তেওঁ ৬ বছৰীয়া কাৰ্যকালত আৰু সোণোৱাল ডাঙৰীয়াৰ ৫ বছৰীয়া কাৰ্যকালত অসমৰ মানুহে পালে কেৱল প্ৰতাৰণা, প্ৰৱঞ্চনা, তাৰ বাহিৰে অসমৰ মানুহে একো নাপালে, আজি সেইকাৰণে তেওঁক প্ৰশ্ন কৰিব খুজিছো তেওঁ যে অসমলৈ আহিছে আমি ভাল পাইছো কিন্তু লগতে এই কথাও সুধিব বিচাৰিছো যে, তেওঁ অসমক কি দিলে। উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়নৰ কাৰণে কংগ্ৰেছৰ যি বলিষ্ঠ পলিচী আছিল নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰি দিলে। এই পলিচী বন্ধ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে কি নতুন পদ্ধতি আনিলে। কোনটো নতুন উদ্যোগ অসমত হ’ল। এই পলিচী বন্ধ কৰি। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত অসমত বিভিন্ন উদ্যোগিক বিকাশ কৰিবলৈ সক্ষম হৈছিল।

ৰিপুন বৰাৰ দ্বিতীয়টো প্ৰশ্ন হ’ল যে, নৰেন্দ্ৰ মোদী অসমলৈ আহিছে কিন্তু অসমৰ কি সৰ্বনাশ কৰিলে? ১৯৬৯ৰ পৰা অসমে কেন্দ্ৰ চৰকাৰৰ পূঁজি যি অনুপাতত পাই আছিলো আৰু পৰৱৰ্তী সময়ছোৱাত আমি Special Category Status Stateৰ স্বীকৃতি পাইছিলো কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ ১৯-১০ অনুপাতৰ ফাণ্ড মোদীয়ে বন্ধ কৰি দিলে। Special Category Status বন্ধ কৰিলে। যাৰ বাবে অসমে এবছৰত ৭ হাজাৰৰ পৰা ৯ হাজাৰ কোটি টকা কেন্দ্ৰৰ পৰা পাবলগীয়া টকা হেৰুৱাইছো। এয়া কেন্দ্ৰই কৰা শোষণ হয়। আমি ইয়াক ধিক্কাৰ দিছো। আৰু সতী জয়মতীৰ জেৰেঙা পথাৰত নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিক প্ৰৱঞ্চনা কৰিবলৈ জেৰেঙা পথাৰত যি সমাৱেশৰ আয়োজন কৰিছে তাৰ যোগেদি সতী জয়মতীক অপমান কৰাৰ লগতে অসমীয়া জাতিক প্ৰৱঞ্চনা কৰিছে।

২০১৪ৰ নিৰ্বাচনী প্ৰচাৰত প্ৰতিখন সভাত কৈছিল যে ২০১৪ৰ ১৬ মে’ৰ পিছত অসমত এজনো বাংলাদেশী থাকিব নোৱাৰে। সকলো বাংলাদেশী টালি-টোপোলা লৈ অসম এৰিব লাগিব। এতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু এই ক্ষেত্ৰত আমাৰ অধিকাৰ আছে যে এইকেইটা বছৰত আপোনালোকে কিমানজন বাংলাদেশী পঠিয়ালে চিনাক্ত কৰি? ৪ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে মাত্ৰ ৪জনহে বাংলাদেশী পঠিয়ালে।

ছয় জনগোষ্ঠী, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, মৰাণ মটক টাই আহোম এইসকলক নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ১০০ দিনত ট্ৰাইবেল ষ্টেটাছ দিম বুলি কৈছিল পিছত ৬ মাহৰ ট্ৰাইবেল ষ্টেটাছ দিম বুলি কৈছিল, তাৰ পিছত আকৌ কৈছিল এবছৰীয়া ট্ৰাইবেল ষ্টেচাছ দিম বুলি। এতিয়া কওক কেতিয়া দিব? ১০০ দিন, ছমাহ আৰু এবছৰ ক’ত গ’ল? অসমীয়া ৰাইজক কৰা মিথ্যাচাৰ আপোনাক মনত পেলাই দিব খুজিছো ২৩ জানুৱাৰীত আগমণৰ পূৰ্বে।

অসমক লৈ আৰু কিমান অন্যায় কৰিব। কংগ্ৰেছ এটা বি আৰ জি এছ নামৰ এটা আঁচনি লৈছিল। এই আঁচনিৰ অধীনত ধেমাজি, লখিমপুৰ, ওডালগুৰি এনেধৰণৰ অনুন্নত জিলাসমূহে কেন্দ্ৰ চৰকাৰৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনত পোনপটীয়াকৈ টকা পাইছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে অসমক যে ইমান কৃত্ৰিম ভালপোৱা দেখাই ডিঙিত গামোচাখন মেৰিয়ায়। কিয় এই কেইখন জিলাৰ এই আঁচনি বন্ধ কৰি দিলে? গুৱাহাটীক স্মাৰ্ট চিটী কৰিম বুলি কোৱা কথাষাৰৰ কি হ’ল?

অসমক নৰেন্দ্ৰ মোদীয়ে অষ্টলক্ষ্মীৰ দেশ হিচাপে আৰু জৈৱিক ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা কৈছিল কিন্তু নৰেন্দ্ৰ মোদীয়ে কাঙাল ৰাজ্যলৈ পৰিণত কৰিলে। অসমক মোদীয়ে লুটি লৈ গ’ল। একো এটাও নিদিলেটো নিদিলে কিন্তু তাৰ বিপৰীতে অসমৰ সম্পদ ডকাইতৰ দৰে লুটি লৈ গ’ল।

নৰেন্দ্ৰ মোদী চৰকাৰে যি জাতি-মাটি-ভেঁটিৰ শ্ল’গান দিয়ে। নৰেন্দ্ৰ মোদীয়ে অসমৰ ২৭খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক দিলে। অসমীয়া মানুহৰ স্বাভিমান-গৌৰৱ ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা বিমানবন্দৰটো বিক্ৰী কৰিলে। সতী জয়মতীৰ জেৰেঙা পথাৰত যে নৰেন্দ্ৰ মোদীয়ে সমাৱেশ কৰিবলৈ আহিব সেই সতী জয়মতীয়ে অসমৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰিছিল তেওঁক অপমান কৰিছে। কামাখ্যা মন্দিৰ অসমৰ মানুহৰ গৌৰৱ। তাৰে কামাখ্যা ৰে’ল ষ্টেচনটোও ব্যক্তিগত খণ্ডত বিক্ৰী কৰিলে। নৰেন্দ্ৰী মোদীয়ে একো এটা গঢ়ি দিয়া নাই, কংগ্ৰেছে কৰা সম্পদসমূহ বিক্ৰী কৰি বিজেপিয়ে চলাইছে দেশ।

নৰেন্দ্ৰ মোদীয়ে নিতীন গাডকাৰীক কৈছিল অসমক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে। অসমক ১ লাখ কোটি টকা প্ৰদান কৰিছো। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ গঢ়ি তোলা হ’ব। ব্ৰহ্মপুত্ৰক খন্দা হ’ব, ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ কৰা হ’ব। গৰা-খহনীয়া নিয়ন্ত্ৰণ হ’ব। অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব। সেইসমূহ প্ৰতিশ্ৰুতিৰ কি হ’ল? ক’ত ১১ লাখ টকা দিলে, এটকাও নিদিলে। ক’ত এক্সপ্ৰেছ হাইৱে’, এটা শিলগুটিও নেপেলালে। কি বানপানী নিয়ন্ত্ৰণ হ’ব মথাউৰিৰ নামত এটকাও নিদিলে। মুখ্যমন্ত্ৰীয়ে কেৱল তাৰিখে দি থাকিলে।

নৰেন্দ্ৰ মোদীয়ে টকা দি মানুহ আনিব পাৰিব কিন্তু অসমীয়াৰ অন্তৰত যি জুই জ্বলাইছে সেয়া কেতিয়াও অসমীয়াই পাহৰিব নোৱাৰে। ২৩ জানুৱাৰীত যে তেওঁ আহিব তেওঁ স্বাগতম জনাব কিন্তু অন্তৰেৰে নজনায়।

নগাঁও কাগজ কল আৰু পাঁচগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰিম বুলি কয় নকৰিলে। অৰুণ জেটলীয়ে ৯৫ কোটি টকাৰ ঘোষণা কৰিলে কিন্তু এটকাও নিদিলে। ইয়াত ৯০জনতকৈও অধিক কৰ্মচাৰীয়ে আত্মহত্যা কৰিলে। মৃত্যু হ’ল দৰমহা নাপায়।

অসমৰ বানপানীক লৈ কি কৰিলে? অসমলৈ আহিল বানপানী পৰিদৰ্শন কৰিলে, কেবিনেট বহিল, কেবিনেটত সিদ্ধান্ত ল’লে বানপানীৰ ৰোধৰ বাবে ২,৩৫০ কোটি টকা দিয়া হ’ব বুলি। লগতে মোদীয়ে ২৫০ কোটি টকা তৎকালীনভাৱে মোকলাই দিম বুলি ক’লে। ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধৰ বাবে ৪০০ কোটি টকাৰ ঘোষণা কৰিলে। কিন্তু এটাও মোকলাই নিদিলে।