প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

308

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অতিকৈ দৰিদ্ৰপীড়িত পৰিয়ালৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত মিস্ত্ৰীয়ে সৰলতাৰ সুযোগ লৈ লক্ষাধিক টকা আত্মসাৎ কৰি পলায়ন কৰা ঘটনাৰ পিছতেই দুৰ্ভগীয়া হিতাধিকাৰীয়ে ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰি হাবাথুৰি খাইছে ৷

ঘটনা সন্দৰ্ভত উল্লেখ্য যে, বৰছলা সমষ্টিৰ ঐতিহাসিক চিৰাজুলি সত্ৰ গাঁৱৰ
দীপালী বৰা আৰু ভানু বৰাৰ নামত দুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন হৈছিল। দিপালী বৰাৰ নামত প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকা আৰু দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ টকা সোমাইছিল ৷একেদৰে হিতাধিকাৰী ভানু বৰাৰ নামত আৱন্টিত গৃহৰ প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকা সোমাইছিল।সেই সমূলি ধন ৰুবুল বৰা নামৰ এজন মিস্ত্ৰীয়ে লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুয়োগৰাকী হিতাধিকাৰীয়ে৷দিপালী বৰা নামৰ  হিতাধিকাৰীয়ে সংবাদমাধ্যমত জনায় যে,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকা মিস্ত্ৰী ৰুবুল বৰাক বেংকৰ পৰা উঠাই ঘৰৰ কাম কৰিবলৈ দিছিল৷ ঠিকাদাৰে দিপালী বৰাৰ প্ৰথম কিস্তিৰ ধনেৰে ফাউণ্ডেচনৰ কাম আধৰুৱা কৰাৰ পিছত দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ টকা হিতাধিকাৰী দিপালী বৰাক প্ৰৱঞ্চনা কৰি ঘৰৰ কাম কৰিম বুলি লৈ মিস্ত্ৰী ৰুবুল বৰাই ধন লৈ সন্ধানহীন হয় ৷একেদৰে সহজ সৰল হিতাধিকাৰী  ভানু বৰাৰ নামত আৱন্টিত গৃহৰ প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকাও হিতাধিকাৰীৰ পৰা কৌশলেৰে সৰকাই গৃহটোৰ নামত কেইটামান মাত্ৰ খুটা পুতি থৈ বাকী কাম আধৰুৱা কৰি প্ৰৱঞ্চনা কৰি পলায়ন কৰে মিস্ত্ৰী ৰুবুল বৰাই।মিস্ত্ৰী ৰুবুল বৰাই চৰকাৰী গৃহ নিৰ্মাণৰ কাম কৰিম বুলি অতি সহজ সৰল হিতাধিকাৰীক প্ৰৱঞ্চনা কৰি ধন আত্মসাৎ কৰা ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰিছে দুয়োগৰাকী হিতাধিকাৰীয়ে ।হিতাধিকাৰীৰ সৰলতাৰ সুযোগ লৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি গাঁৱৰ জোঁৱাই প্ৰাঞ্জল বৰাই ঠিক কৰি দিয়া মিস্ত্ৰী ৰুবুল বৰাৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে হিতাধিকাৰীক ন্যায় প্ৰদান কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীয়ে ।ঘটনা সন্দৰ্ভত হিতাধিকাৰীয়ে মিস্ত্ৰী ঠিক কৰি দিয়া গাঁৱৰ জোঁৱাই প্ৰাঞ্জল বৰাৰ লগতে সমূলি ধন লৈ পলায়ন কৰা মিস্ত্ৰী ৰুবুল বৰাৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷