অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৰৱি ভ্ৰমণৰ সন্দৰ্ভত টুইট কৰাৰ বাবে গুজৰাট আৰক্ষীয়ে আটক কৰে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত গোখলেক।
অভিযোগ অনুসৰি, গোখলেই তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত এই ভ্ৰমণৰ বাবে ৩০ কোটি টকা ব্যয় কৰা বুলি দাবী কৰি এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছিল।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে ১ ডিচেম্বৰত এই দাবীৰ তথ্য পৰীক্ষা কৰি ভুৱা আখ্যা দিয়ে। পিআইবিয়ে স্পষ্ট কৰা মতে, “এনে কোনো আৰ টি আইৰ সঁহাৰি দিয়া হোৱা নাই।”
নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন আৰক্ষী বিষয়াই কয় যে গোখলেক ৰাজস্থানৰ উদয়পুৰৰ পৰা আটক কৰাৰ পিছত তদন্তৰ বাবে আহমেদাবাদলৈ অনা হয়।
টিএমচিৰ নেতা ডেৰেক অ’ব্ৰাইনে কয় যে ৰাজস্থানৰ পৰা আটক কৰাৰ পূৰ্বে সোমবাৰে নিশা নতুন দিল্লীৰ পৰা বিমানত উঠিছিল গোখলে।
“মঙলবাৰে পুৱা ২ বজাত তেওঁ মাকক ফোন কৰি ক’লে যে তেওঁলোকে তেওঁক আহমেদাবাদলৈ লৈ গৈ আছে আৰু আজি দুপৰীয়াৰ ভিতৰত আহমেদাবাদ পাবগৈ। আৰক্ষীয়ে তেওঁক সেই এটা দুমিনিটৰ ফোন কল কৰিবলৈ দিলে আৰু তাৰ পিছত তেওঁৰ ফোনটো আৰু তেওঁৰ সকলো সামগ্ৰী জব্দ কৰিলে।’-অ’ব্ৰাইনে এটা টুইটত এইদৰে কয়।
আহমেদাবাদৰ চাইবাৰ চেলে গোখলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি অভিযোগ উত্থাপন কৰে অ’ব্ৰাইনে।