প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ ৰাজ্য চৰকাৰ

57

ডিব্ৰুগড়ৰ কিৰণ বিবাহ ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত উজনিৰ ১১খন জিলাৰ ৩০টা সমষ্টিৰ দলীয় কায্যকৰ্তা।অগপ বিজেপিৰ এই যৌথ বৈঠকত অহা ২১জানুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিষয়ত আলোচনা কৰাৰ লগতে বিভিন্ন সাংগঠনিক বিষয়ত আলোচনা কৰা হয়।

নিৰ্বাচনৰ পূৰ্বে প্ৰথমবাৰৰ বাবে অগপ-বিজেপিৰ দলীয় কৰ্মকৰ্তা একেলগ হোৱা গুৰুত্বপূৰ্ণ বৈঠক খনত উজনি অসমৰ ১১জিলাৰ ৩০সমষ্টিৰ সকলো বিধায়কৰ লগতে মন্ত্রী সঞ্জয় কিষাণ,যোগেন মহন,কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলী,সাংসদ তপন গগৈ,প্ৰদান বৰুৱা,অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।।

ইফালে এই বৈঠকতে মাঘবিহু শান্তিপূৰ্ণ ভাবে পালন কৰাৰ বাবে অসমবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।।