প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ

81

ষ্টাফৰিপৰ্টাৰ, কৰ’নাৰ লগতে দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত অসমৰ সংবাদ মাধ্যমে সন্মুখীন হোৱা বিপৰ্যয় সন্দৰ্ভত অৱগত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় তথ্য আৰু জনসংযোগ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ পত্ৰ প্ৰেৰণ কৰে। ‘ক’ভিড -১৯’ মহামাৰীৰ সময়ছোৱাত বাৰুকৈয়ে প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে সংবাদ প্ৰতিষ্ঠানসমূহ। লকডাউনৰ পৰিপ্ৰেক্ষিতত অভাৱনীয় হাৰত ব্যৱসায়িক লোকচানৰো সন্মুখীন হৈছে অসমৰ সংবাদ উদ্যোগ। ফলশ্ৰুতিত কৰ্মহীন হ’বলগীয়া হৈছে বহু সাংবাদিক, সংবাদ কৰ্মী। সংবাদ উদ্যোগলৈ নামি অহা এনে বিপৰ্যয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাংবাদিক আৰু সংবাদ কৰ্মীৰ কল্যানাৰ্থে বিশেষ পুঁজি আৱণ্টনৰ আহ্বান জনাইছে। সমান্তৰালভাৱে চৰকাৰী প্ৰতিষ্ঠান সমূহে বিজ্ঞাপনৰ বাবদ সংবাদ প্ৰতিষ্ঠান সমূহক দিবলগীয়া ৰাজহ আদায় দিয়াৰো আহ্বান জনাইছে গুৱাহাটী প্ৰেছ ক্লাৱে। শেহতীয়াকৈ এই জটিল পৰিস্থিতিত অসমৰ সংবাদ মাধ্যমৰ বহু সাংবাদিক,সংবাদ কৰ্মীৰ অদূৰ ভৱিষ্যতক লৈ যি অনিশ্চয়তা আহি পৰিছে, সেই বিষয় সন্দৰ্ভতো গুৱাহাটী প্ৰেছ ক্লাৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যেই এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীলৈও প্ৰেৰণ কৰা হয় স্মাৰক পত্ৰ।