প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পলাশ তামুলীৰ পদত্যাগ

43

ডিজিটেল ডেস্ক: বিধান সভা নিৰ্বাচনৰ আগমূহুৰ্তত অসম প্ৰদেশ কংগ্ৰেছত যি দলত্যাগৰ জোৱাৰ উঠিছে, এয়া দলটোৰ ভিতৰ চ’ৰাত এক ধুমুহাৰ সৃষ্টি কৰিছে ৷ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে।

উল্লেখ্য যে এ আই চি চি অৰ্থাৎ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰাও পদত্যাগ কৰিলে পলাশ তামূলীয়ে। এসময়ত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ ৰাষ্ট্ৰীয় কমিটীত স্থান লাভ কৰা তামূলীয়ে প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অজন্তা নেওগৰ পদত্যাগৰ পিছতে কংগ্ৰেছ নেতৃত্বই গোলাঘাটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰো চিন্তা-চৰ্চা কৰিছিল।

সেইমৰ্মে, অজন্তা নেওগৰ প্ৰস্থানৰ পিছতে পলাশ তামূলীক গোলাঘাট কংগ্ৰেছৰ নেতৃত্ব ল’বলৈকো প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই নিৰ্দেশ দিছিল। পিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক নিৰুৎসাহিত কৰি পলাশ তামূলীয়েও দলত্যাগ কৰাত এতিয়া চৰম অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব। ইতিমধ্যে পলাশ তামূলীয়ে ই–মেইল যোগে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷