বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে সমগ্র ৰাজ্যজুৰি কংগ্রেছ কৰ্মীসকলে একোটাকৈ গছ পুলি ৰোপন কৰি বন আৰু পৰিবেশ সংৰক্ষণৰ শপত লৈছে। সাংবাদমেল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ” বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই আমি অতি দুখেৰে ক’বলৈ বাধ্য হৈছো বিজেপি চৰকাৰৰ দিনতে সমগ্র ৰাজ্যখনতে বনাঞ্চল আৰু জৈৱ বৈচিত্ৰৰ ধ্বংস যজ্ঞহে হৈছে।মুখ্যমন্ত্রী আৰু বিজেপি দলৰ বনাঞ্চল, পৰিবেশ আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণ মাথো শ্লোগানতহে আবদ্ধ হৈ পৰিছে। বাস্তৱত আমাৰ দিহিং পাটকাই বৰ্ষা অৰণ্য, ডিব্ৰু-চৈখোৱা অভয়াৰণ্য আদিত দৈনিক বন ধ্বংসৰ যজ্ঞহে চলিছে। এইবিলাকৰ সংৰক্ষণৰ কথা কোৱা বিজেপিৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই বৰ্ষা অৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি দিছে আৰু ডিব্ৰু-চৈখোৱা বনাঞ্চলতো হাইড্ৰকাৰ্বন অন্বেষণৰ বাবে অনুমতি দিছে। যাৰফলত আমাৰ সমগ্র জৈৱ বৈচিত্ৰৰ প্ৰতিয়ে ভাবুকি নামি আহিছে। প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ দুয়োখন বনাঞ্চলেই ধ্বংসৰ গৰাহত পৰিব। আনহাতে কংগ্রেছ দলৰ চৰকাৰ থাকোঁতে আমি প্ৰকৃতাৰ্থত এই বৰ্ষা অৰণ্য আৰু বনাঞ্চল সমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰিছিলো। ২০০৩ চনতে মুক্ত কয়লা খননৰ লীজ বন্ধ হোৱাৰ পাছতো এই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ প্ৰতি দৃষ্টি ৰাখি সেই সময়ৰ কংগ্রেছ চৰকাৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰা নাছিল। বৰঞ্চ ২০০৩ চনত বৰ্ষা অৰণ্যৰ এটা খণ্ডক Dehing Patkai Elephant Reserve আৰু ২০০৪ চনত Dehing Patkai Wild life Sanctuary ঘোষণা কৰি ইয়াৰ সংৰক্ষণতহে গুৰুত্ব দিয়া হৈছিল। কিন্তু মুখত প্ৰকৃতি সুৰক্ষা, প্ৰদূষণমুক্ত অসমৰ কথা কোৱা সোণোৱাল চৰকাৰে দিহিং পাটকাই অঞ্চলত আজি মুক্ত কয়লা খননৰ অনুমতিহে প্রদান কৰিছে। ৰাজ্যিক পর্যায়ৰ State Wildlife Board ৰ সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্রী সোণোৱালে এই অনুমতি প্ৰদান কৰিলে। এই বোৰ্ডৰ অধ্যক্ষ হৈছে খোদ মুখ্যমন্ত্রী নিজে। এই কাৰ্য্যৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্রীয়ে ৰাইজক আভুৱা ভাৰি তেওঁ ৰাজ্যৰ বনমন্ত্রী জনক দিহিং পাটকাই অঞ্চললৈ পঠিয়াই তদন্ত কৰিবলৈ দিছে। স্বয়ং মুখ্যমন্ত্রীয়েই মুক্ত খননৰ বাবে অনুমতি দিয়াৰ পাচত তেওঁৰ মন্ত্রীয়ে গৈ তাত কি অনুসন্ধান কৰিব? ইয়াতকৈ আৰু বহুৱালি কিবা হ’ব পাৰেনে? সোণোৱাল চৰকাৰে সাপ হৈ খুতিছে আৰু বেজ হৈ জাৰিছে। তেওঁলোকে অসমৰ মানুহক মূৰ্খ সাজিব বিচাৰিছে। আমি প্ৰদেশ কংগ্ৰেছে যিকোনো মূল্যৰ বিনিময়ত এই দুয়োটা অঞ্চল সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিম। প্ৰয়োজনত ৰাইজৰ সহযোগত ৰাইজৰ সৈতে আন্দোলন কৰিম। অনতিপলমে প্ৰদেশ কংগ্ৰেছৰ ফালৰপৰা মহামান্য ৰাজ্যপালৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্র প্ৰদান কৰিম।
আনহাতেদি লক ডাউনৰ সময়ছোৱাত অসমত নিতৌ কয়লাৰ চোৰাং বেহা চলিছে। দিহিং পাটকাই অঞ্চলৰ পৰাও নিতৌ শ শ অবৈধ কয়লাৰ ট্রাক চলাচল কৰি আছে। এই চোৰাং বেহা আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কংগ্রেছেই নহয় খোদ শাসকীয় দলৰ বিধায়কেও উত্থাপন কৰিছে। বিজেপি দলে যদি ভাবিছে যে চোৰাং কয়লা বেহাৰ টকাৰে তেওঁলোকে আগন্তুক বিধানসভা নির্বাচনত ভোটাৰক প্ৰভাৱিত কৰিব পাৰিব তেন্তে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। লক ডাউনৰ সময়ছোৱাত ৰাজ্যখনত উন্মোচিত হোৱা আৰু এটা ভয়ংকৰ তথা বৃহৎ কেলেংকাৰী হৈছে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণৰ কেলেংকাৰী। প্ৰকৃত কৃষকৰ পৰিৱর্তে লক্ষ লক্ষ ভুৱা কৃষক আৰু বিজেপি দলৰ নেতা, কৰ্মী আৰু পৰিয়ালৰ লোকেহে এই আঁচনিৰ সুবিধা লাভ কৰিছে। এই দুৰ্নীতিয়ে এনে পয্যায় পাইছে যে এজন ব্যক্তিয়ে ৪২ টাকৈ বিভিন্ন ভুৱা কৃষকৰ নামত একাউন্ট খুলি আঁচনিৰ সুবিধা গ্রহণ কৰিছে। বিশ্বনাথ চাৰিআলিত এনে ঘটনা সংঘটিত হৈছে। মুঠতে ৰাজ্যখনৰ সৰ্বত্ৰে এই কেলেংকাৰী সংঘটিত হৈছে।কেন্দ্রৰ নিয়ম অনুযায়ী এই আঁচনিৰ ৰূপায়ণ কৰাৰ আগতে হিতাধিকাৰীৰ ৫% ৰ ফিজিকেল ভেৰিফিকেচন কৰিব লাগে আৰু ৰেণ্ডম চাৰ্ভে অসম চৰকাৰে কৰিব লাগে। কিন্তু অসম চৰকাৰে সেইবোৰ একোৱেই নকৰিলে। এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৩১ লাখ। সৰ্বত্ৰে এই কেলেংকাৰীৰ প্ৰৱল সমালোচনা হোৱাৰ পাছত মুখ্যমন্ত্রীয়ে তদন্ত ঘোষণা কৰিছে আৰু কেইজনমান কনিষ্ঠ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে। কৃষিমন্ত্রীয়ে কৈছে যে এতিয়াৰ লৈকে প্ৰায় ৮.৫০ লাখ ভুৱা কৃষক ধৰা পৰিছে। কিন্তু আমি কংগ্রেছ দলে চলোৱা চাৰ্ভে অনুসৰি মুঠ হিতাধিকাৰীৰ ৫০% ভুৱা। অৰ্থাৎ প্ৰায় ১৫ লাখৰ অধিক।আমাৰ তথ্য অনুসৰি প্ৰায় ৯০০ কোটি টকাতকৈও অধিক টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। প্ৰকৃত কৃষকক সকাহ দিয়াৰ পৰিৱর্তে এই দুৰ্যোগৰ সময়ত বিজেপি চৰকাৰে কৃষকৰ মুখৰ ভাত কাঢ়ি খাইছে। ই অত্যন্ত অমানৱীয় কাৰ্য্য। সোণোৱাল চৰকাৰে ৰাইজক দেখুৱাই সাধাৰণ তদন্ত ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে নহ’ব। মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে প্ৰকৃত দোষীক কঠোৰতম শাস্তি প্রদান কৰক। মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাইছো যে যদি সৎ সাহস আছে তেন্তে চিবিআইৰ হাতত তদন্ত অৰ্পণ কৰক। আমি ইতিমধ্যেই চিবিআইৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীক স্মাৰকপত্র প্ৰদান কৰিছো। প্ৰদেশ কংগ্ৰেছে এই দুৰ্নীতিৰ বিষয়ে গণ আন্দোলন কৰি ৰাইজৰ ঘৰে ঘৰে যাম।
কোৱাৰেন্টাইন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্রতো আমি মুখ্যমন্ত্রী ডাঙৰীয়াক দুটা প্ৰশ্ন সুধিব বিচাৰিছো যে আমাৰ কংগ্রেছ দলৰ সাংসদসকলে চৰকাৰী নীতি নিৰ্দেশনা সম্পূর্ণৰূপে মানি আনুষ্ঠানিক কোৱাৰেন্টাইন আৰু গৃহ কোৱাৰেন্টাইনতো আছো। কিন্তু বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা বিজেপি চৰকাৰৰ সাংসদ সকলে ক’ত কেনেকৈ কোৱাৰেন্টাইন হ’ল ৰাইজক জনাব লাগে। নে বিজেপি দলৰ সাংসদে কোৱাৰেন্টাইন নকৰিলেও হয়? দ্বিতীয়তে, কংগ্রেছ দলৰ নেতা কৰ্মীয়ে সকলো ক্ষেত্রতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে কিন্তু মুখ্যমন্ত্রী ডাঙৰীয়াই কেনেকৈ হাজাৰ হাজাৰ মানুহ গোটাই মাজুলীত সভা অনুষ্ঠিত কৰিলে? নলবাৰীতো বহু মানুহৰ সমাগম কৰি কেনেকৈ সভা সদৃশ কাৰ্য্যসূচী গ্ৰহণ কৰিলে? নে আপোনাৰ লগতে বিজেপি দলৰ বাবে সামাজিক দূৰত্ব প্ৰযোজ্য নহয় নেকি? শাসকীয় পক্ষ হিচাবে আপোনালোকে ৰাইজৰ সন্মুখত এইয়া কেনেধৰণৰ দৃষ্টান্ত দাঙি ধৰিছে?”