প্ৰদেশ কংগ্ৰেছত খহনীয়া, পুনৰ পদত্যাগ আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছৰী

172

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়াৰ ধাৰা। ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাইৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ পদত্যাগৰ পিছত এইবাৰ পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত থকা দায়ান হুছেইনে।

যুৱ কংগ্ৰেছৰো প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকৰূপে দায়িত্ব বহন কৰা দায়ান হুছেইনে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰা আৰু কেন্দ্ৰীয় সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত তেওঁ দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি কয় যে ২৩ বছৰ ধৰি তেওঁ কংগ্ৰেছত কেৱল প্ৰতাড়িত আৰু উপেক্ষিত হৈ আহিছে। সেই বাবেই তেওঁ পদত্যাগৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। দলটোৰ মূল মূল্যবোধ আৰু নীতিৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ দায়বদ্ধতাৰ অভাৱ বুলিও মন্তব্য কৰে দায়ান হুছেইনে।