শীতকালত প্ৰদূষণ ৰোধৰ পদক্ষেপৰ অংশ হিচাপে সোমবাৰে দিল্লী চৰকাৰে ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা পুনৰ জাৰি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত ফটকা উৎপাদন, বিক্ৰী (অনলাইন বিক্ৰীকে ধৰি), সংৰক্ষণ, আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয়, ‘আমি সকলোৱে জানো যে শীতকালত দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰে শীতকালীন কাৰ্য্য পৰিকল্পনাৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মহানগৰীত সকলো ধৰণৰ ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। লগতে দিল্লী আৰক্ষীক একেটাৰ বাবে অনুজ্ঞাপত্ৰৰ অনুমতি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।’
প্ৰদূষণ ৰোধৰ বাবে চুবুৰীয়া ৰাজ্যসমূহকো একেধৰণৰ নিষেধাজ্ঞা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে।
উল্লেখযোগ্য যে যোৱা বছৰো চৰকাৰে ঘোষণা কৰিছিল যে ফটকা ফুটালে ছমাহ পৰ্যন্ত কাৰাদণ্ড আৰু ২০০ টকা জৰিমনা বিহা হ’ব পাৰে। ৰাষ্ট্ৰীয় ৰাজধানীত ফটকা উৎপাদন, সংৰক্ষণ আৰু বিক্ৰীৰ বাবেও বিস্ফোৰক আইনৰ ৯ বি ধাৰাত ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব।
