প্ৰথম পৰ্যায়ৰ ৪৭ খন আসনৰ ৩৫ খনত AJP, ১২ খন আসনত ৰাইজৰ দলে কৰিব প্ৰতিদ্বন্দ্বিতা

63

আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৃষ্ঠপোষকতাত ভূমিষ্ঠ হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে যুটীয়া ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো খাতাং হৈ পৰিছে৷ আজি মাজনিশা দুয়ো দলৰ শীৰ্ষ নেতাই প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে ৩৫ আৰু ৰাইজৰ দলে ১২ খন আসনত দলে প্ৰতিদ্বন্দ্বিতা কৰিব।

আনহাতে ৰাজ্যৰ আন আন সমষ্টিত আসন ভাগ-ভটোৱাৰাক লৈ দুয়োটা দল বিপাঙত পৰিছে। বিহপুৰীয়া সমষ্টিক লৈ দুয়োদলৰ মাজত সংঘাত হৈছিল যদিও অসম জাতীয় পৰিষদে সমষ্টিটো এৰি নিদিয়ে বুলি জানিব পৰা গৈছে৷ দুয়োটা দলৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা কৰিব পাৰে বুলি এটা সূত্ৰই দাবী কৰিছে৷ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি দুয়োটা দলৰ নেতাই ঘোষণা কৰিব পাৰে তালিকা খন৷

আজি নিশা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ পাব বুলি জানিব পৰা গৈছে৷ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে সাজু হৈছে দুই দলৰ৷ দুয়ো দলৰ নেতৃত্বৰ ঐক্য মতত উপনীত হৈছে প্ৰাৰ্থী সন্দৰ্ভত৷ মাহমৰা, ৰহা বিহপুৰীয়া, মৰাণক লৈ কিছু খামখেয়ালী আছিল যদিও অৱশেষত দূৰ কৰা বুলি জানিব পৰা গৈছে৷ উজনিৰ গোলাঘাট সমষ্টিত দুয়োদলে ভাস্কো ডি শইকীয়াক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছে।

ঢকুৱাখানাত ৰাইজৰ দলৰ টিকট লাভ কৰিলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে টিএমপিকেৰ প্ৰাক্তন নেতা পদ্মেশ্বৰ দলে। জিএমচিএইচত ভৰ্তি অখিল গগৈক বাৰে বাৰে সাক্ষাৎ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তালিকা চূড়ান্ত কৰিছে৷ দুয়ো দলৰ শীৰ্ষ নেতৃত্বৰ আনুষ্ঠানিক মোহৰ লগাবৰ বাবে আজি নিশা পুনৰ আলোচনা হ’ব।