প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত ভাগ্য নিৰ্ণয় হব ২৬৯গৰাকী প্ৰাৰ্থীৰ

72

অসম বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। অহা ২৭ মাৰ্চত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৪৭ টা সমষ্টিত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ সাজু হৈছে দল আৰু প্ৰাৰ্থী। ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ আগমণ ঘটিছে অসমলৈ।

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৪৭টা বিধানসভা সমষ্টিত ২৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। আয়োগে প্ৰকাশ কৰা মতে, এই সমষ্টি কেইটাৰ পৰা মুঠ ২৯৫ গৰাকীয়ে প্ৰাৰ্থিত্বৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। কিন্তু ইয়াৰে ১০ গৰাকীৰ মনোনয়ন পত্ৰ বিভিন্ন কাৰণত নিৰ্বাচন আয়োগে বাতিল কৰাৰ বিপৰীতে ১৬ গৰাকীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা, অগপৰ সভাপতি অতুল বৰাৰ লগতে কেইবাগৰাকীও হাই প্ৰফাইল মন্ত্ৰী-বিধায়কৰ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভাগ্যও নিৰ্ণয় হব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণতে।

কংগ্ৰেছ, বিজেপি আৰু অসম গণ পৰিষদৰ বৰ্তমানৰ ২৮ গৰাকী বিধায়ক নিৰ্বাচনত অৱতীৰ্ণ হব প্ৰথম পৰ্যায়ত। আনহাতে ২৬ বৰ্ষীয় মিলিচৰণ বসুমতাৰী আৰু ৱাকিবুৰ ইছলামে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কনিষ্ঠতম প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মিলিচৰণ বসুমতাৰীয়ে বিশ্বনাথ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৱাকিবুৰ ইছলামে ৰূপহীহাট সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইফালে বিহপুৰীয়া সমষ্টিৰ ৮৫ বছৰীয়া নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰাই হৈছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া আটাইতকৈ জ্যেষ্ঠ প্ৰাৰ্থী।